ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধই আজি এমাহত ভৰি দিলে। ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ৰেড আৰ্মীয়ে ইউক্ৰেইনত প্ৰৱেশ কৰিছিল। কিন্তু যুদ্ধৰ এমাহৰ পাছতো ৰাছিয়াই ইউক্ৰেইনক পৰাস্ত কৰিব পৰা নাই। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত মুখঠেকেছা খালে ৰাছিয়াই। বৈঠকত বৃহৎ পৰাজয়ৰ সন্মুখীন হয় ৰাছিয়া। এতিয়া এই পৰাজয়ে ৰাছিয়াৰ মনোবলো ভাঙি পেলাইছে। উল্লেখ্য যে যোৱা নিশা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ এখন বৈঠকত ৰাছিয়া এক বৃহৎ পৰাজয়ৰ সন্মুখীন হয়। একো কাৰণ উল্লেখ নকৰাকৈ ৰাছিয়াই ইউক্ৰেইনত মানৱীয় সাহায্যৰ বাবে প্ৰস্তাৱ আগবঢ়ায় যদিও ১৫ খন দেশৰ ভিতৰত ভাৰতকে ধৰি ১৩ খন দেশে এই প্ৰস্তাৱত ভোট দান কৰাৰ পৰা বিৰত থাকে। এই প্ৰস্তাৱৰ সমৰ্থনত কেৱল ৰাছিয়া আৰু চীনে ভোট দান কৰে।
ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ প্ৰস্তাৱত ভোট নিদি ভাৰতে পুনৰ প্ৰমাণ কৰিলে যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ ক্ষেত্ৰত ভাৰত নিৰপেক্ষ। ভাৰত কাৰো সৈতে বা কাৰো বিৰুদ্ধে নহয়। ইয়াৰ পূৰ্বে ভাৰতে পশ্চিমৰ দ্বাৰা ৰাছিয়াৰ বিৰুদ্ধে অনা নিন্দা প্ৰস্তাৱৰ ক্ষেত্ৰত একেই স্থিতি গ্ৰহণ কৰিছিল, যাক লৈ কেবাখনো নাটো দেশে প্ৰশ্ন উত্থাপন কৰিছিল।