March 31, 2023, 8:51 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

UAPAৰ অধিনত গোচৰ ৰুজু গৱেষক ছাত্ৰী দেৱেংগনা কলিতাৰ বিৰুদ্ধে

Reporter Name
  • Update Time : Sunday, June 7, 2020
  • 145 Time View

ডিজিটেল ডেস্কঃ গৱেষক ছাত্ৰী দেৱাংগনা কলিতাৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে চতুৰ্থ খন এজাহাৰ দাখিল কৰি গোচৰ ৰুজু কৰিছে৷ ২০১৯ বৰ্ষত নৱেম্বৰ-ডিচেম্বৰ মাহত নাগৰিকত্ব আইন বাতিলৰ দাবীত দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সময়ত সংঘটিত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগত দেৱেংগনা কলিতাৰ বিৰুদ্ধে চতুৰ্থ খন এজাহাৰ দাখিল কৰিছে৷

ইতিমধ্যে দেৱেংগনা কলিতাৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু কৰিছিল দিল্লী আৰক্ষীয়ে৷ উক্ত তিনিওটা গোচৰত দেৱংগনাই জামিন লাভ কৰিছে। এইবাৰ
দেৱংগনাৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন চমুকৈ UAPAৰ অধিনত গোচৰ ৰুজু কৰা হৈছিল। দেৱংগনাৰ গৱেষক সহপাঠী নটাচা নৰৱালৰ বিৰুদ্ধে একেই অভিযোগত UAPAৰ অধিনত গোচৰ ৰুজু কৰা হৈছে। সচৰাচৰ দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আহিলেহে এই আইনৰ অধিনত গোচৰ ৰুজু হয়।

দিল্লী আৰক্ষীয়ে প্ৰতিবাদৰ সময়ত জাফৰবাদ মেট্ৰ ষ্টেচনত সংঘটিত হিংসাত্মক কাৰ্যত জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে এওলোকৰ বিৰুদ্ধে। মুঠ ১২গৰাকী লোকৰ বিৰুদ্ধে হিংসাত্মক কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগ আনিছে আৰক্ষীয়ে। ইতিমধ্যে দিল্লী আৰক্ষীয়ে আটাইকেইজনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে আদালতত। দেৱংগনা কলিতা দিল্লীস্থিত জৱাহৰলাল নেহেৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ এগৰাকী গৱেষক ছাত্ৰী৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে