ডিজিটেল ডেস্কঃ পুনৰ এক লজ্জাজনক ঘটনা সংঘটিত হৈছে ভাৰতীয় ক্ৰীড়া জগতত। মল্লযুঁজৰ পিছত এইবাৰ মহিলা কাবাদী খেলুৱৈক বলৎকাৰৰ অভিযোগ। ইতিমধ্যে ২৭ বছৰীয়া এই যুৱতী খেলুৱৈগৰাকীয়ে জাতীয় দলৰ প্ৰশিক্ষকৰ বিৰুদ্ধে দিল্লী থানাত গোচৰ ৰুজু কৰিছে। ২০১৫ চনত কাবাদী প্ৰশিক্ষকজনে এই খেলুৱৈগৰাকীক বলৎকাৰ কৰাৰ লগতে এই খেলুৱৈগৰাকীক ব্লেক মেইলিং কৰাৰো অভিযোগ উঠিছে। প্ৰশিক্ষক যোগীন্দ্ৰৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এখন কাবাদী খেলৰ বাবে এই যুৱতীগৰাকীক প্ৰশিক্ষণ দিছিল আৰু ২০১৫ চনত বলৎকাৰ কৰিছিল। ২০১৮ চনত কাবাদী খেল জিকি লাভ কৰা ধনৰ এটা অংশও এই প্ৰশিক্ষকগৰাকীয়ে ব্লেক মেইলিং কৰি খেলুৱৈগৰাকীৰ পৰা সৰকাইছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে । ২০২১ চনত খেলুৱৈগৰাকীৰ বিবাহ হয় যদিও মাজে-সময়ে প্ৰশিক্ষকগৰাকীয়ে ব্লেক মেইলিং কৰিবলৈ এৰি দিয়া নাছিল। উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় মল্লযুঁজৰ প্ৰশিক্ষক ব্ৰিজ ভূষণ সিংহৰ বিৰুদ্ধে মহিলা খেলুৱৈক মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছিল। এই অভিযোগৰ পাছতেই দিল্লীৰ যন্ত্ৰৰ মন্ত্ৰৰত খেলুৱৈসকলে প্ৰতিবাদ কৰে আৰু তাৰ পাছতেই ব্ৰিজ ভূষণ সিংহক অপসাৰিত কৰা হয়।