March 28, 2023, 2:44 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

আচৰিত যেন লাগিলেও সঁচা, সাপৰ খেতি কৰি ধনী হ’ল এখন গাঁও

Reporter Name
  • Update Time : Friday, February 3, 2023
  • 19 Time View

ডিজিটেল ডেস্কঃ পৃথিৱীত প্ৰায় ৩,০০০ত কৈ অধিক প্ৰজাতিৰ সাপ পোৱা যায়। যি সাপক দেখিলে আমি ভয়ত পলাবলৈ চেষ্টা কৰো, সেই সাপৰে খেতি কৰি ধনী হ’ল চীনৰ এখন গাঁও। সাপেই সলনি কৰিলে গাঁওখনৰ মানুহৰ জীৱন। চীনৰ চিচিকিয়াও গাঁৱৰ য়াংহু নামৰ এজন ব্যক্তিয়ে আৰম্ভ কৰিছিল সাপৰ খেতি। লাহে লাহে এই খেতি গাঁওখনৰ সকলো লোকেই আৰম্ভ কৰিলে। ১৮ বছৰ বয়সতে য়াংহুৰ স্পাইনেল অথৰাইটিছ ৰোগ হয় আৰু ডক্তৰে তেওঁক সাপ খাবলৈ পৰামৰ্শ দিয়ে। য়াংহুৱে সাপ ধৰি খোৱা আৰম্ভ কৰিছিল। কেতিয়াবা তেওঁ সুৰাৰ সৈতে মিলাই সাপ ভক্ষণ কৰিছিল আৰু কেতিয়াবা শুকুৱাই পাউডাৰ বনাই খাইছিল। তেতিয়াৰে পৰা তেওঁৰ স্বাস্থ্য উন্নত হ’ব ধৰিলে আৰু তেওঁৰ মনত ব্যৱসায়ৰ ধাৰণা আহিল। ১৯৭০ চনৰে পৰা তেওঁ আৰম্ভ কৰিলে সাপৰ খেতিৰ। এতিয়া গাঁওখনত ৩০ লাখতকৈ অধিক সাপ উৎপাদন হয়। সাপে কণী পৰাৰ পাছতেই আক্ৰমণ কৰিব নোৱাৰাকৈ ১৫ দিনলৈকে সাপৰ মুখ ছিলাই দিয়া হয়। তাৰ পাছত জালেৰে কণী সংগ্ৰহ কৰি বিশেষ বাকচত কণীবোৰ ৰাখি ২ মাহৰ পাছত খোলে যেতিয়া তাৰ পৰা সাপৰ পোৱালি ওলায়। চীনত সাপৰ অংগৰ বহুতো প্ৰয়োজনীয়তা আছে। সাপৰ বিভিন্ন অংগ বিভিন্ন কামত ব্যৱহাৰ কৰা হয়। সাপৰ পৰা ঔষধ, খাদ্য, স্কীন ক্ৰীম আদি উৎপাদন কৰে। সাপৰ প্ৰথম খেতিয়ক য়াংহু এতিয়া সমগ্ৰ বিশ্বত কিং অফ স্নে’ক্স নামেৰে জনাজাত হৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে