বিশ্বৰ অন্যতম প্ৰভাৱশালী বোলছবি বঁটা প্ৰদান অনুষ্ঠান অস্কাৰে ১০ বছৰৰ বাবে নিলম্বন কৰিছে হলিউদ অভিনেতা উইল স্মিথক৷ শেহতীয়াকৈ অস্কাৰৰ অনুষ্ঠান চলি থকাৰ মাজতে ঘোষকৰ গালত চৰ শোধােৱাত ১০বছৰৰ বাবে অস্কাৰ পৰা নিষিদ্ধ হল হলিউদ অভিনেতা উইল স্মিথক। ২০২২ বৰ্ষৰ অস্কাৰত শ্ৰেষ্ঠ অভিনেতাৰ বটাঁ লাভ কৰা স্মিথে পত্নীৰ নামক কৈ কৌতুক কোৱাৰ বাবে জনপ্ৰিয় কমেডিয়ান ক্ৰিজ ৰকৰ গালত চৰ শোধাইছিল স্মিথে৷ জনপ্ৰিয় কমেডিয়ান ক্ৰিজ ৰকে স্মিথৰ পত্নীক লৈ ধেমালি কৰাত অগ্নিশৰ্মা হৈ মঞ্চলৈ গৈ চৰ শোধাইছিল স্মিথে। অস্কাৰৰ দৰে অনুষ্ঠানত এনে ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰিছিল স্মিথে। শাৰীৰিক অপমানৰ বাবে একাডেমী অফ মোচন পিকচাৰ আৰ্টচ এণ্ড চাইন্সেচৰ বিশেষ বৰ্ডে শাস্তি প্ৰদান কৰা হৈছে। এই কাণ্ডৰ পিছতে স্মিথে একাডেমীৰ পৰা অব্যাহতি লৈছে। চৰ মৰাৰ অপৰাধত স্মিথক অস্কাৰৰ পৰা ১০ বছৰৰ বাবে নিষিদ্ধ কৰা হৈছে৷