গুৱাহাটীঃ অসম আৰক্ষীৰ উপ পৰিদৰ্শক পদৰ লিখিত পৰীক্ষাৰ নামত হোৱা কেলেংকাৰীৰ সৈতে নাম সাঙোৰ খাই পৰিছে কেইবাজনো প্ৰভাৱশালী লোকৰ নাম। ইফালে এই কেলেংকাৰীৰ সৈতে জড়িত থকাৰ সন্দেহত শনিবাৰে নলবাৰী আৰক্ষীয়ে নলবাৰীৰ পৰা ৪ জনক সোধ-পোছৰ বাবে আটক কৰে।
নলবাৰী জিলাৰ পৰা আটক কৰা লোক কেইজনৰ নাম আৰক্ষীয়ে সদৰী কৰা নাই বৰ্তমানলৈ। উল্লেখ্য যে, এছ আই কেলেংকাৰীত বিজিপে নেতা দিবন ডেকাৰ নাম সাঙোৰ খাই পৰিছিল। ইফালে পি কে দত্ত নামৰ আৰক্ষীৰ এজন প্ৰাক্তন উচ্চ পদস্থ বিষয়া এই কেলেংকাৰীৰ সৈতে জড়িত বুলি ইতিমধ্যে স্পষ্ট হৈ পৰিছে। পি কে দত্তৰ হোটেল আৰু বাসগৃহত চিআইডিয়ে তালাচী চলোৱাত এছআই পৰীক্ষা সম্পৰ্কীয় বহু তথ্য লাভ কৰিছে।