গুৱাহাটীঃ প্ৰশ্নকাকত বাতিল হোৱাৰ লগতে লিখিত পৰীক্ষা স্থগিত কৰাৰ পিছতে অসম আৰক্ষীৰ উপ-পৰিদৰ্শৰ পদৰ চাকৰিৰ ব্যৱসায় চলাৰ ৰহস্য ক্ৰমে ফাদিল হ’ব ধৰিছে৷ এইবাৰ জলসিঞ্জন বিভাগৰ কৰ্মচাৰীয়ে ১০ লাখ টকাত চাকৰি দিব বিচৰাৰ কথা পোহৰলৈ আহিছে৷ জলসিঞ্জন বিভাগৰ কৰ্মচাৰীয়ে প্ৰতিটো পদৰ বিপৰীতে ১০ লাখ টকাকৈ বিচৰা বুলি খবৰ লাভ কৰাৰ পিছতে অসম আৰক্ষীয়ে এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷
পোহৰলৈ অহা খবৰ মতে, জলসিঞ্চন বিভাগৰ কৰ্মচাৰী যোগিনী ব্ৰহ্মই প্ৰতিটো পদৰ বিপৰীতে ১০ লাখ টকাকৈ বিচৰাৰ তথ্য পোহৰলৈ আহিছে৷ জলসিঞ্চন বিভাগৰ নিম্ন সহায়ক হিচাপে কৰ্মৰত মহিলাগৰাকীক সোমবাৰে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে।
মহিলাগৰাকীয়ে বহু প্ৰাৰ্থীক এই পদত চাকৰি দিম বুলি কথা দি ১০ লাখ টকা বিচাৰিছিল। ক্ৰাইম ব্ৰান্সে কালিৰে পৰা ব্যাপক হাৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুগনী ব্ৰহ্মক৷ উলুবাৰীস্থিত জলসিঞ্চন বিভাগৰ কাৰ্যালয়ত কৰ্মৰত ব্ৰহ্মক উলুবাৰীৰ জলসিঞ্জন বিভাগৰে ক’লনীৰ পৰাই গ্ৰেপ্তাৰ হয়৷ যুগনীয়ে বহু প্ৰাৰ্থীৰ সৈতে যোগাযোগ কাৰৰ তথ্য লাভ কৰিছে অসম আৰক্ষীয়ে৷