গুৱাহাটীঃ অমস আৰক্ষীৰ উপ-পৰিদৰ্শক কাণ্ডৰ অন্যতম মাষ্টচৰ মাইণ্ড বিজেপি নেতা দ্বিবন ডেকাই প্ৰায় ১০টা দিন ধৰি পলাই থাকি আজি নিশা অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব বুলি জানিব পাৰ গৈছে৷ এটা বিশেষ সুত্ৰই দাবী কৰা মতে, ৰাজ্যৰ বাহিৰত থকা ডেকা ইতিমধ্যে অসম প্ৰবেশ কৰিছে৷ কেলেংকাৰিৰ অন্যতম খলনায়ক দিবন ডেকাই আজি নিশাৰ ভিতৰতে অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পন কৰিব বুলি দাবী কৰে সুত্ৰটোৱে৷