নিউজ ডেস্কঃ সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনৰ নিমন্ত্ৰিত অতিথিৰ তালিকা দেখি সাহিত্য প্ৰেমীৰ চকু কপালত উঠিছে। সাহিত্যিকৰ পৰিৱৰ্তে সভাৰ মূল অধিৱেশনলৈ নিমন্ত্ৰিত কৰা বিশিষ্ট লোকসকলৰ গৰিষ্ঠসংখ্যকে ৰাজনৈতিক নেতা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰামেশ্বৰ তেলীক নিমন্ত্ৰণ কৰাটো যথাৰ্থতেই প্ৰয়োজনীয় বুলি ভবাৰ থল আছে যদিও ২৪ জন নিমন্ত্ৰিত অতিথিৰ ভিতৰত মাত্ৰ দুজনহে ৰাজনীতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত লোক নহয়। সেই দুজনৰ এজন হ’ল গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ প্ৰতাপজ্যোতি সন্দিকৈ আৰু শিক্ষা উপাদেষ্টা ননী গোপাল মহন্ত। বাকী ২২ জনেই প্ৰত্যক্ষ ৰাজনীতিৰ লগত জড়িত। সাহিত্য সভাৰ নতুন সভাপতি সূৰ্য কুমাৰ হাজৰিকাই সভাপতিত্ব কৰিব লগা নাৰায়ণপুৰৰ দ্বিতীয় দিনাৰ মুকলি অধিৱেশনৰ কাৰ্যসূচীয়ে এতিয়া সকলোকে হতভম্ব কৰি তুলিছে। বহুতেই সাহিত্য সভা নে ৰাজনৈতিক সভা বুলিও প্ৰশ্ন উত্থাপন কৰিছে।