নিউজ ডেস্কঃ বিতৰ্কই লগ এৰা নাই সাহিত্য সভাৰ, কাৰ্যসূচীত বিনা অনুমতিত সন্নিবিষ্ট কৰিলে সাহিত্যিক ৰীতা চৌধুৰীৰ নাম। সাহিত্যিক ৰীতা চৌধুৰীৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈ তেওঁৰ নাম সন্নিবিষ্ট কৰে কাৰ্যসূচীত। কাৰ্যসূচী মতে এখন মুকলি সভাৰ উদ্বোধনৰ দায়িত্ব দিয়া হৈছে তেওঁক। এই সম্পৰ্কে তেওঁৰ লগত কোনো ধৰণৰ যোগাযোগ হোৱা নাছিল৷ কোনোবাই ঘৰত নিমন্ত্ৰণী পত্ৰ এখন ঘৰত দি গ’ল যদিও কোনো ধৰণৰ ফোনো অহা নাছিল তেওঁলৈ৷ দিল্লীত থকাৰ বাবে পত্ৰখনো দেখা পোৱা নাছিল বিশিষ্ট সাহিত্যিকগৰাকীয়ে। সাহিত্য সভাই বিশিষ্ট সাহিত্যিকগৰাকীক নিমন্ত্ৰণ কৰাৰ সাধাৰণ সৌজন্যকণো প্ৰদৰ্শন নকৰি এনেদৰে সভাৰ কাৰ্যসূচীত নাম অন্তৰ্ভক্ত কৰাত আচৰিত হৈ পৰিছে। লগতে সাহিত্যিকগৰাকীয়ে সভাৰ কাৰ্যসূচীতো ভাগ নলয় বুলি এক ফেচবুক পোষ্টযোগে সমগ্ৰ কথাখিনি ৰাইজৰ জ্ঞাতাৰ্থে প্ৰকাশ কৰিছে। বিশিষ্ট লেখিকাগৰাকীয়ে নিজৰ ফেচবুক একাউণ্টযোগে প্ৰকাশ কৰা পোষ্টটো ইয়াত হুবহু দাঙি ধৰা হ’ল—
‘প্ৰসংগঃ অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিৱেশনলৈ আমন্ত্ৰণ
অসমৰ এই শতবৰ্ষ অতিক্ৰম কৰা ঐতিহ্যপূৰ্ণ আৰু মানুহৰ অন্তৰত স্থান লাভ কৰা অনুষ্ঠানটোৰ প্ৰতি সদিচ্ছা আছে৷ কিন্তু ৰাইজৰ জ্ঞাতাৰ্থে কেইটামান কথা লিখাৰ প্ৰয়োজন অনুভৱ কৰিছোঁ, অন্যথাই ৰাইজে মোক ভুল বুজাৰ সম্ভাৱনা৷
দুদিনমান আগতে সামাজিক মাধ্যমত অসম সাহিত্য সভাৰ নাৰায়ণপুৰ অধিবেশনৰ কাৰ্যসূচীখনক কেন্দ্ৰ কৰি আলোচনা হোৱা দেখি চোৱাত মোৰ নামটো চকুত পৰিল৷ মোক অধিবেশনৰ এখন মুকলি সভা উদ্বোধনৰ দায়িত্ব দিয়া হৈছে৷ আচৰিত হৈ পৰিলোঁ৷ কাৰণ এই সম্পৰ্কে মোৰ লগত কোনো যোগাযোগ হোৱা নাছিল৷ মোক নজনোৱাকৈ তেওঁলোকে মোৰ নামটো কাৰ্যসূচীত সন্নিবিষ্ট কৰিছে৷ সামাজিক মাধ্যমত লিখাৰ আগতে সভাপতি কুলধৰ শইকীয়াক ফোন কৰি জনালোঁ এই ধৰণৰ কাম গ্ৰহণযোগ্য নহয়৷ উচিতো নহয়৷ তাৰ দুদিন পিচত দেৱজিত বৰাই ফোন কৰিলে৷ মই সুধিলোঁ তেওঁ সাহিত্য সভাৰ কি দায়িত্বত আছে— তেওঁ তেনে কোনো বিশেষ দায়িত্বত নাই আৰু শইকীয়া ডাঙৰীয়াই যোগাযোগ কৰিবলৈ কোৱাৰ বাবে মোলৈ ফোন কৰিছে বুলি জনালে৷ তাৰ এদিন পিচত বোধকৰোঁ কোনোবাই আমাৰ ঘৰত নিমন্ত্ৰণী পত্ৰ এখন দি থৈ গ’ল৷ কোনো ফোন নাহিল৷ দিল্লীত আছোঁ বাবে পত্ৰখন মই দেখা নাই৷
সামাজিক সৌজন্য মানি প্ৰথাগতভাৱে আমন্ত্ৰণ নকৰা এটা অনুষ্ঠানৰ নিমন্ত্ৰণ গ্ৰহণ কৰাটো মই উচিত বুলি বিবেচনা নকৰোঁ৷ সেয়েহে বহুত ভাবি ৰাজহুৱা কৰিবলৈ সিদ্ধান্ত ল’লো, যাতে ৰাইজে মোৰ অনুপস্থিতিক ভুল ভাবে নলয়৷ শইকীয়া ডাঙৰীয়াই মোলৈ ফোন কৰি সভালৈ যাবলৈ অনুৰোধ কৰিছে কিন্তু মোৰ বাবে এই কাম সম্ভৱ নহ’ব৷
নাৰয়ণপুৰ অধিবেশনৰ সফলতা কামনা কৰিলোঁ৷ অসম সাহিত্য সভাৰ প্ৰতি সদিচ্ছা সদায় আছে আৰু থাকিব৷’