নুমলীগড়ঃ বাৰিষা-শৰালী একেই অৱস্থা সৰুপথাৰ বিধান সভা সমষ্টিৰ বহু গুৰুত্বপূৰ্ণ পথৰ৷ খোজ কাঢ়িবলৈ পৰিবেশ নাথাকে পথসমূহত৷ বোকা-পানীৰে ভৰি থকা পথত বছৰ বছৰ ধৰি শিল-বালি নপৰাৰ ফলত বাৰিষা-শৰালী গাড়ী-মটৰ দূৰৰ কথা খোজকাঢ়ি যাব পৰাকৈ পৰিবেশ নাথাকে৷ ঠায়ে ঠায়ে একাঠু পৰ্যন্ত বোকা-পানী হয়৷ ফলত বছৰৰ পিছত বছৰ ধৰি যামৰ-যাতনা ভূগি আহিছে কেইবা খনো গাঁৱৰ লোকে৷
ৰাইজে বছৰ বছৰ ধৰি পথ নিৰ্মাণৰ বাবে দাবী জনাই আহিছে যদিও বিভাগীয় কৰ্তৃপক্ষ, মন্ত্ৰী-বিধায়কে গুৰুত্ব প্ৰদান কৰা দেখা নাযায়৷ কেৱল নিৰ্বাচনৰ সময়ত প্ৰৰ্থীসকলে ভোট বিচাৰি আহি বাট-পথ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে যদিও নিৰ্বাচনৰ পাৰ হৈ যোৱাৰ পিছতে সকলো ফুটুকাৰ ফেন হৈ পৰে৷
সৰুপথাৰ বিধানসভা সমষ্টিৰ মৰঙি মৌজাৰ মুৰফুলনী-ফুলবাৰী পঞ্চায়তৰ ৮০ শতাংশ গ্ৰাম্য পথৰ একেই অবস্থা৷ ফুলবাৰী-গেৰুকানী-ফলঙনী সংযোগী প্ৰধান পথৰো একেই কদৰ্য ৰূপ৷ কুৰিখন গাঁৱৰ যোগাযোগৰ একমাত্ৰ পথটোৰে খোজ কাঢ়িব লগা হলে চকু কঁপালত উঠে গঞাৰ৷ পথ নে ভূঁই ৰুবৰ বাবে সাজু কৰা পথাৰ ধৰিবই নোৱাৰি৷ স্বাধীনতাৰ ৭৩ বছৰৰ পিছতো এটা পথৰ অভাৱত এইদৰেই বোকা-পানীৰ মাজত জীৱন নিৰ্বাহ কৰিব লগা হৈছে গঞাই৷