মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত কেইবাটাও অভিলাষী আঁচনি সন্দৰ্ভত আলোচনা কৰিবলৈ বিশেষ বৈঠকৰ আয়োজন কৰে। কেইবাটাও বিভাগৰ উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত আঁচনিসমূহ ৰূপায়নৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে বুজ লয়। পিএমজিএছৱাই, অসম মালা, এছঅ’পি.ডি আদিৰ অধীনত পথসমূহ দ্ৰুতগতিত সম্পাদন কৰাৰ বাবে ৰে’লৱে অভাৰব্ৰীজ আৰু ফ্লাইঅভাৰৰ উপৰিও পিডব্লিউডিৰ (পথ) বিষয়াসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰে। প্ৰকল্প সম্পাদনত অহা অসুবিধাসমূহৰ লগতে সেইবোৰ সমাধান কৰিবলৈ পদক্ষেপ লোৱাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।