ডিজিটেল ডেস্কঃ বিগত ৯ মাহ ধৰি এমাইল’ইড’ছিছ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেওবাৰে মৃত্যু হয়৷ ২০১৬ চনৰ মাৰ্চ মাহৰ পৰাই এই ৰোগত আক্ৰান্ত হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি মুশ্বাৰফ। দীৰ্ঘদিনীয়া শাৰীৰিক অসুস্থতাৰ পিছত আজি ডুবাইত ৭৯ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। ১৯৪৩ চনৰ ১১ আগষ্টত জন্ম গ্ৰহণ কৰিছিল মুশ্বাৰফে। পাকিস্তানৰ প্ৰাক্তন নেতাগৰাকীয়ে ১৯৯৮ চনত জেনেৰেল পদবীলৈ উন্নীত হৈ সেনাবাহিনীৰ মুৰব্বীৰ দায়িত্বও গ্ৰহণ কৰিছিল। ইয়াৰ পিছত তেওঁ ২০০১ চনৰ পৰা ২০০৮ চনলৈ পাকিস্তানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।