March 30, 2023, 8:07 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

শৈলপুত্ৰী, কাত্যায়নী, মহাগৌৰী…’মা দুৰ্গা’ৰ ৯ টা ৰূপৰ বিষয়ে সবিশেষ জানো আহক…

Reporter Name
  • Update Time : Tuesday, October 12, 2021
  • 221 Time View

দুৰ্গা হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসমূহ হ’ল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হ’ল যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰাস্ত কৰাটো অসম্ভব। দুৰ্গা দেৱী শাক্ত ধৰ্মত সৰ্বোচ্চ আৰাধ্য দেৱী, বৈষ্ণৱ ধৰ্মত তেওঁক ভগৱান বিষ্ণুৰ অনন্ত মায়া হিচাপে আখ্যা দিয়ে; শৈৱ ধৰ্মত দুৰ্গাক শিৱৰ অৰ্ধাংগিনী পাৰ্বতী হিচাপে অৰ্চনা কৰা হয়। ঋগ্ বেদত দুৰ্গাদেৱীৰ বৰ্ণনা নাই যদিও ঋগ্বোক্ত দেৱীসুক্তক দুৰ্গাদেৱীৰ সুক্ত হিচাপেই মান্যতা দিয়া হয়। ইয়াৰ উপৰিও কেণুপনিষদত বৰ্ণিত হৈমাৱতীকো দুৰ্গা হিচাপেই আখ্যা দিয়া হৈছে; ভাগৱতত শ্ৰীকৃষ্ণৰ যোগমায়াকেই দুৰ্গা আখ্যা দিয়া হৈছে যি হৰি সহায়িনী তথা হৰি ভক্তি প্ৰদায়িনী। এই সসূহৰ উপৰিও দুৰ্গা দেৱীৰ বৰ্ণনা মহাভাৰতৰ বিৰাট পৰ্ব আৰু ওঠৰখন পুৰাণত পোৱা যায়। দুৰ্গা দেৱীৰ ভিন্ন ভিন্ন অৱতাৰ সমূহ হ’ল কালিকা, নন্দা, ভ্ৰামৰী, শাকম্ভৰী, ৰক্তদণ্ডিকা, সতী, পাৰ্বতী, কৌশিকী ইত্যাদি। তেওঁৰ উপাসনাৰ অৰ্থে পালন কৰা দুৰ্গা পূজা পূব ভাৰতৰ এক অন্যতম ডাঙৰ ধৰ্মীয় উৎসৱ।দুৰ্গা পূজা হৈছে শক্তিৰ অধিষ্ঠাত্ৰী দুৰ্গা দেৱীৰ উপাসনাৰ উৎসৱ। এই উৎসৱক নৱৰাত্ৰী বুলিও জনা যায়। পশ্চিম বংগ, অসম, বিহাৰ, ওড়িশা, ঝাৰখাণ্ডত দুৰ্গা পূজা বহুলভাৱে উদযাপন কৰা হয়। উত্তৰ ভাৰতত এই উসৱ নৱৰাত্ৰী হিচাপে পালন কৰা হয়। দুৰ্গা পূজা শৰৎ (আহিনত) আৰু বসন্ত (চ’ত) ৰ শুক্লাপক্ষত অনুষ্ঠিত হয়। ভাৰতীয় উপমহাদেশৰ একাধিক ৰাষ্ট্ৰই দুৰ্গা পূজা পালন কৰে আৰু বাংলাদেশৰ সংখ্যালঘু হিন্দুসকলেও দুৰ্গা পূজা পালন কৰে। সাধাৰণতে আহিনৰ শুক্ল পক্ষৰ ষষ্ঠতম দিন তথা ষষ্ঠীৰ পৰা আৰম্ভ হৈ দশমী পৰ্যন্ত থাকে এই দুৰ্গোৎসৱ। এই পাঁচ দিন যথাক্ৰমে দুৰ্গা ষষ্ঠী, মহাসপ্তমী, মহাষ্টমী, মহানৱমী আৰু বিজয়া দশমী নামে জনাজাত। এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায়। পূৰ্বৱৰ্তী অমাবস্যাৰ দিনা এই দেৱীপক্ষৰ সূচনা হয় আৰু ইয়াক মহালয়া বুলিও জনা যায় আৰু পূৰ্ণিমাৰ দিনটোত পালন কৰা হয় লক্ষ্মী পূজা।

দুৰ্গা দেৱীৰ মূৰ্তিটো সাধাৰণতে দুৰ্গাৰ পৰিয়ালৰ লগতে থকা দেখা যায়। এই মূৰ্তিসমূহৰ মধ্য স্থানত দেৱী দুৰ্গা থাকে আৰু তেওঁৰ সোফালে থাকে দেৱী লক্ষ্মী আৰু গণেশ। আনহাতে বাওঁফালে থাকে দেৱী সৰস্বতী আৰু কাৰ্তিক। কলকাতাত পোন প্ৰথমবাৰৰ বাবে ১৬১০ চনত সাবৰ্ণ ৰায়চৌধুৰীৰ পৰিয়ালে এই প্ৰথাৰ প্ৰচলন কৰিছিল।

‘দ’-আখৰে দৈত্য নাশ, ‘ঊ’-কাৰে বিঘ্ননাশক, ‘ৰেফ’ ৰোগনাশক, ‘গ’-আখৰে পাপনাশক, আৰু ‘অ’-কাৰে ভয় তথা শত্ৰুনাশক। অৰ্থাৎ, দৈত্য, বিঘ্ন, ৰোগ, পাপ আৰু ভয়-শত্ৰুৰ পৰা যিয়ে ৰক্ষা কৰে সেয়ে দুৰ্গা। দেৱী দুৰ্গা হ’ল সৃষ্টিৰ আদি। পিতামহ ব্ৰহ্মা, ভগৱান বিষ্ণু আৰু ভগৱান শংকৰে আদ্য শক্তিৰে এই সৃষ্টিৰ স্ৰজন, পালন-পোষণ আৰু সংহাৰ কৰে। শাস্ত্ৰত বৰ্ণনা কৰা মতে আই দুৰ্গা দেৱীৰ ৰূপ ন বিধ। এই ৯ বিধ ৰূপ হৈছেঃ (১) শৈলপুত্ৰী, (২) ব্ৰহ্মচাৰিণী, (৩)চন্দ্ৰঘণ্টা, (৪) কুষ্মাণ্ডা, (৫) স্কন্দমাতা, (৬) কাত্যায়নী, (৭) কালৰাত্ৰি, (৮) মহাগৌৰী, (৯) সিদ্ধিদাত্ৰী।

অংকনঃ অৰিহনা ডেকা, সপ্তম শ্ৰেণী, ডনবস্ক’ স্কুল, পাণবজাৰ

১। শৈলপুত্ৰী

মা দুৰ্গা নিজৰ প্ৰথম স্বৰূপত “শৈলপুত্ৰী” নামেৰে জনাজাত। পৰ্বতৰাজ হিমালয়ৰ পুত্ৰী ৰূপে জন্ম লোৱা বাবে “শৈলপুত্ৰী” নাম ৰখা হৈছিল। বৃষভৰ ওপৰত স্থিতা শৈলপুত্ৰী মাতৃৰ সোঁ হাতত শূল আৰু বাওঁহাতত কমল পুষ্প সুশোভিত। ন-গৰাকী দুৰ্গাৰ মাজত শৈলপুত্ৰী হ’ল প্ৰথম দুৰ্গা। ইয়াৰ পূৰ্বজন্মত শৈলপুত্ৰী প্ৰজাপতি দক্ষৰ কন্যা ৰূপে জন্ম গ্ৰহণ কৰিছিল। তেতিয়া দুৰ্গাৰ নাম আছিল “সতী”। ভগৱান শংকৰৰ সৈতে সতীৰ বিবাহ হৈছিল। কিন্তু প্ৰজাপতি এই বিবাহৰ সম্পূৰ্ণ বিৰোধী আছিল। এবাৰ প্ৰজাপতি দক্ষই বৰ ডাঙৰকৈ এক যজ্ঞ অনুষ্ঠিত কৰিছিল। কিন্তু ভগৱান শংকৰক তেওঁ নিমন্ত্ৰণ নকৰিলে। পিছে সতীৰ প্ৰৱল আগ্ৰহ দেখি ভগৱান শংকৰে তেওঁক পিতৃ-গৃহলৈ যোৱাৰ বাবে অনুমতি প্ৰদান কৰিলে। পিতৃ-গৃহলৈ গৈ দেখিলে যে তাত প্ৰতিটো ক্ষেত্ৰত, চাৰিওপিনে ভগৱান শংকৰৰ প্ৰতি তিৰস্কাৰৰ ভাৱহে পৰিপূৰ্ণ। নিজৰ স্বামী ভগৱান শংকৰৰ প্ৰতি এনে ঘোৰ অপমান তেওঁৰ অসহ্য হৈ উঠিল। তেওঁ তৎক্ষণাৎ তাত যোগাগ্নি প্ৰজ্বলিত কৰি নিজৰ সেই ৰূপটোকে ভস্মীভূত কৰি পেলালে। যোগাগ্নিৰে নিজ শৰীৰক ভস্মীভূত কৰাৰ পিছত পৰৱৰ্তী কালত সতী শৈলৰাজ হিমালয়ৰ পুত্ৰীৰূপে জন্ম গ্ৰহণ কৰে। তেওঁ তেতিয়া “শৈলপুত্ৰী” নামেৰে জনাজাত হ’ল। ‘পাৰ্বতী’, ‘হৈমৱতী’ও শৈলপুত্ৰীৰে নাম। উপনিষদৰ এক আখ্যান অনুসৰি ‘হৈমৱতী’ স্বৰূপ ধাৰণ কৰি দেৱতাসকলৰ দৰ্প চূৰ্ণ কৰিছিল। ‘শৈলপুত্ৰী’ৰ বিবাহো ভগৱান শংকৰৰ সৈতেই হৈছিল। ন-গৰাকী দুৰ্গাৰ মাজত প্ৰথম ‘শৈলপুত্ৰী’ দুৰ্গাৰ মহিমা আৰু শক্তি অনন্ত। নৱৰাত্ৰি পূজনৰ প্ৰথম দিৱসত এই শৈলপুত্ৰীৰ পূজা আৰু উপাসনা কৰা হয়।

২। ব্ৰহ্মচাৰিণী

মাতৃ দুৰ্গাৰ ন শক্তিৰ দ্বিতীয় স্বৰূপটো হ’ল ‘ব্ৰহ্মচাৰিণী’ৰ। ইয়াত ‘ব্ৰহ্ম’ শব্দৰ অৰ্থ হ’ল তপস্যা। ব্ৰহ্মচাৰিণী অৰ্থাৎ তপচাৰিণী, তপস্যা কৰা তপস্বিনী। “বেদস্তত্ত্ব তপো ব্ৰহ্ম।” এই ব্ৰহ্মচাৰণী দেৱীৰ স্বৰূপ পূৰ্ণ জ্যোতিৰ্ময় আৰু অত্যন্ত ভব্য। “ব্ৰহ্মচাৰিণী”ৰ সোঁহাতত জপ মালা আৰু বাওঁহাতত কমণ্ডলু বিদ্যমান। হিমালয়ৰ পুত্ৰীৰূপে জন্ম হোৱাত নিজৰ এই পৰৱৰ্ত্তী জন্মতো নাৰদৰ উপদেশ মতে ভগৱান শংকৰক পতিৰূপে পাবলৈ কঠোৰ তপস্যা কৰিছিল। তেনে দুষ্কৰ তপস্যা কৰা বাবেহে দুৰ্গাক “তপচাৰিণী” বা “ব্ৰহ্মচাৰিণী” নামেৰে অভিহিত কৰা হৈছিল। মা-দুৰ্গাৰ এই দ্বিতীয় স্বৰূপটো ভক্ত আৰু সিদ্ধসকলৰ অনন্ত ফলপ্ৰদ। ব্ৰহ্মচাৰিণীৰ উপাসনা কৰিলে মানুহৰ তপস্যা, যোগ, বৈৰাগ্য, সদাচাৰ আৰু সংযম বৃদ্ধি পায়। জীৱনৰ কঠিন সংঘাতবোৰতো মন কৰ্তব্যপথৰ পৰা বিচ্যুত নহয়। দুৰ্গাপূজাৰ দ্বিতীয় দিৱসত “ব্ৰহ্মচাৰিণী” ৰূপৰ উপাসনা কৰা হয়।

৩। চন্দ্ৰঘন্টা

মা দুৰ্গাৰ তৃতীয় শক্তিৰ নাম হ’ল ‘চন্দ্ৰঘণ্টা’। নৱৰাত্ৰিৰ উপাসনাত তৃতীয় দিনা “চন্দ্ৰঘন্টা” বিগ্ৰহৰ পূজা-আৰাধনা কৰা হয়। দুৰ্গাৰ এই স্বৰূপ পৰম শান্তিদায়ক আৰু কল্যাণকাৰী। “চন্দ্ৰঘন্টা”ৰ মস্তকত ঘণ্টাৰ আকৃতিৰ অৰ্ধচন্দ্ৰ থাকে। সেইকাৰণে এই ৰূপক ‘চন্দ্ৰঘণ্টা দেৱী’ বোলা হয়। “চন্দ্ৰঘন্টা”ৰ শৰীৰৰ বৰণ সূবৰ্ণৰ দৰে উজ্জ্বল আৰু দশভুজা। এই দহোখন হাত খড়্গ আদি শস্ত্ৰ আৰু বাণ আদি অস্ত্ৰৰে বিভূষিত। “চন্দ্ৰঘন্টা”ৰ বাহন হ’ল সিংহ। “চন্দ্ৰঘন্টা”ৰ ভাৱ-মুদ্ৰাত যুদ্ধ তৎপৰতা বিৰাজমান! “চন্দ্ৰঘন্টা”ৰ ঘণ্টাৰ নিচিনা প্ৰচণ্ড ধ্বনিত অত্যাচাৰী দানৱ-দৈত্য-ৰাক্ষস সদায় প্ৰকম্পিত হৈ থাকে। নৱৰাত্ৰিৰ দুৰ্গা-উপাসনাত তৃতীয় দিনাৰ পূজাত “চন্দ্ৰঘন্টা”ৰ মহত্ব অত্যধিক।

৪। কুষ্মাণ্ডা

মা দুৰ্গাৰ চতুৰ্থ স্বৰূপৰ নাম হ’ল কুষ্মাণ্ডা। নিজৰ মৃদু–মন্দ হাঁহিৰে অণ্ড অৰ্থাৎ ব্ৰহ্মাণ্ড উৎপন্ন কৰা হেতুকে দুৰ্গাৰ এই ৰূপক দেৱী কূষ্মাণ্ডা নামেৰে অভিহিত কৰা হৈছে। সৃষ্টিৰ অস্তিত্বই যেতিয়া নাছিল, চাৰিওপিনে অন্ধকাৰ, কেৱল অন্ধকাৰ হে পৰিব্যাপ্ত হৈ আছিল, তেতিয়া এই দেৱীয়েই নিজৰ ‘ঈষৎ’ হাঁহিৰে ব্ৰহ্মাণ্ড ৰচনা কৰিছিল। গতিকে দেৱী হে হ’ল সৃষ্টিৰ আদি স্বৰূপা, আদি শক্তি। কুষ্ম মানে হৈছে দুখ, ত্ৰিতাপ বা আন্ধাৰ। জগতৰ দুখ, ত্ৰিতাপ নিজৰ উদৰত ধাৰণ কৰা ববেই দেৱীৰ নাম কুষ্মাণ্ডা। কুষ্মাণ্ডাৰ আঠখন হাত থকা বাবে দেৱী দুৰ্গা অষ্টভুজা দেৱী নামেৰেও বিখ্যাত। কুষ্মাণ্ডাৰ আঠখন হাতত আছে ক্ৰমে কমণ্ডলু, ধেনু, কাঁড়, কমল পুষ্প, অমৃত পূৰ্ণ কলহ, চক্ৰ আৰু গদা। সকলো সিদ্ধি আৰু নিধি প্ৰদান কৰোঁতা জপ মালা থাকে কুষ্মাণ্ডাৰ বাওঁহাতত। এখেতৰ বাহন হ’ল সিংহ । সংস্কৃত ভাষাত কুষ্মাণ্ডৰ অৰ্থ হ’ল কোমোৰা। বলিসমূহৰ ভিতৰত কোমোৰা-বলি এখেতৰ আটাইতকৈ প্ৰিয়। নৱৰাত্ৰিৰ চতুৰ্থ দিনত এই কুষ্মাণ্ডা দেৱীৰ স্বৰূপৰ উপাসনা কৰা হয় ।

৫। স্কন্দমাতা

মাতৃ দুৰ্গাদেৱীৰ পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। ভগৱান স্কন্দ ‘কুমাৰ কাৰ্তিকেয়’ নামেৰেও জনাজাত। প্ৰসিদ্ধ দেৱা সুৰ সংগ্ৰামত “স্কন্দমাতা” দেৱ–সেনাপতি হৈছিল। পুৰাণবোৰত ‘কুমাৰ’ আৰু ‘শক্তি ধৰ’ আখ্যা দি “স্কন্দমাতা”ৰ মহিমা বৰ্ণোৱা হৈছে। “স্কন্দমাতা”ৰ বাহন হ’ল, ‘ময়ূৰ’ বা ম’ৰা চৰাই। সেইকাৰণে ‘ময়ূৰ-বাহন’ নামেৰেও অভিহিত। এই ভগৱান স্কন্দৰ মাতৃ হোৱা বাবে মা দুৰ্গাদেৱীৰ উক্ত পঞ্চম স্বৰূপটো ‘স্কন্দমাতা’ নামেৰে জনাজাত। “স্কন্দমাতা”ৰ উপাসনা নৱৰাত্ৰি পূজাৰ পঞ্চম দিনা অনুষ্ঠিত হয়। ভগৱান স্কন্দ শিশুৰূপে কোলাত বহি থকাটো “স্কন্দমাতা”ৰ বিগ্ৰহত দৰ্শিত হয়। স্কন্দমাতৃস্বৰূপিণী দেৱী চতুৰ্ভুজা।

৬। কাত্যায়নী

মা দুৰ্গাদেৱীৰ ষষ্ঠ স্বৰূপৰ নাম হ’ল, “কাত্যয়নী”। দেৱীৰ নাম ‘কাত্যায়নী’ হোৱাৰ আখ্যানটো হ’ল এনে ধৰণৰ— ‘কত’ নামৰ এজন প্ৰসিদ্ধ মহৰ্ষি আছিল। তেওঁৰ পুত্ৰ হ’ল ঋষি কাত্য। এই কাত্য গোত্ৰত বিশ্বপ্ৰসিদ্ধ মহৰ্ষি কাত্যায়ন উৎপন্ন হৈছিল। ভগৱতৰ উপাসনাত বহু বছৰ ব্যাপি তেওঁ বৰ কঠিন তপস্যা কৰিছিল। “আই ভগৱতী তেওঁৰ কোলাত পুত্ৰী ৰূপে জন্ম লওক”-তেওঁৰ মনোকামনা এয়ে আছিল। আই ভগৱতীয়ে তেওঁৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছিল। কিছু কালৰ পিছত পৃথিৱীত দানৱ মহিষাসুৰৰ অত্যাচাৰ বৰকৈ বাঢ়ি যোৱাত, ভগৱান বিষ্ণু, ব্ৰহ্মা আৰু মহেশ্বৰ এই তিনিও গৰাকীয়ে নিজ-নিজ তেজৰ অংশ প্ৰদান কৰি মহিষাসুৰ বিনাশ হেতু এগৰাকী দেৱীক উৎপন্ন কৰিলে। মহৰ্ষি কাত্যায়নে সৰ্ব প্ৰথমে এই দেৱীৰ পূজা-অৰ্চনা কৰিছিল। তাৰ বাবে তেওঁ ‘কাত্যায়নী’ আখ্যা পালে। মহৰ্ষি কাত্যায়নৰ পুত্ৰীৰূপে উপজিল বুলি আখ্যানো আছে। আহিন মাহৰ কৃষ্ণ পক্ষৰ চতুৰ্দশী তিথিত জন্ম গ্ৰহণ কৰি, শুক্ল পক্ষৰ সপ্তমী, অষ্টমী আৰু নৱমী লৈ তিনিদিন দেৱীয়ে কাত্যায়ন ঋষিৰ পূজা গ্ৰহণ কৰি দশমী তিথিৰ দিনা মহিষাসুৰক বধ কৰিছিল। দুৰ্গাপূজাৰ ষষ্ঠ দিনাখন “কাত্যায়নী” স্বৰূপৰ উপাসনা কৰা হয় ।

৭। কালৰাত্ৰি

মা দুৰ্গাৰ সপ্তম শক্তি ‘কালৰাত্ৰি’ ৰূপে জনাজাত। “কালৰাত্ৰি”ৰ শৰীৰৰ বৰণ ঘন অন্ধকাৰৰ নিচিনা সম্পূৰ্ণৰূপে ক’লা। মূৰৰ চুলিবোৰ অবিন্যস্ত। ডিঙিত বিদ্যুতৰ দৰে জিলিকি থাকে মালাধাৰি। “কালৰাত্ৰি” ত্ৰিনেত্ৰা, তিনিওটা চকু ব্ৰহ্মাণ্ডৰ নিচিনা ঘূৰণীয়া। সেইবোৰৰ পৰা বিদ্যুতৰ নিচিনা উজ্জ্বল ৰশ্মি বিকিৰিত হৈ থাকে। “কালৰাত্ৰি”ৰ নাসিকাৰ উশাহ-নিশাহৰ পৰা প্ৰচণ্ড অগ্নিশিখা ওলাই থাকে। “কালৰাত্ৰি”ৰ বাহন হ’ল গৰ্দভ অৰ্থাৎ গাধ। আই ‘কালৰাত্ৰি’ৰ স্বৰূপ দেখাত অতি ভয়ংকৰ কিন্তু “কালৰাত্ৰি”য়ে সদায় শুভফল হে প্ৰদান কৰে। সেয়ে দেৱীৰ আন এটা নাম হ’ল ‘শুভঙ্কৰী’। ভক্তসকলে মাতৃ কালৰাত্ৰিৰ স্বৰূপ দেখি আতংকিত হোৱাৰ প্ৰয়োজন নাই। দুৰ্গাপূজাৰ সপ্তম দিনা আই কালৰাত্ৰিৰ উপাসনাৰ বিধান আছে।

৮। মহাগৌৰী

মা দুৰ্গাদেৱীৰ অষ্টম শক্তিৰ নাম হ’ল ‘মহাগৌৰী’। দেৱী সম্পূৰ্ণৰূপে গৌৰ বৰ্ণা। এই গৌৰ বৰণৰ গৌৰতাৰ উপমা শংখ, চন্দ্ৰ আৰু কুন্দফুলৰ সৈতে দিয়া হয়। মান্যতা অনুসৰি “মহাগৌৰী” হ’ল আঠ বছৰীয়া। “মহাগৌৰী”ৰ সকলো বস্ত্ৰ আৰু আ-অলঙ্কাৰো শ্বেতবৰ্ণৰ। নিজৰ পৰৱৰ্তী ৰূপত “মহাগৌৰী”য়ে ভগৱান শিৱক পতি ৰূপে পাবলৈ বৰ কঠোৰ তপস্যা কৰিছিল। এনে কঠোৰ তপস্যা কৰা হেতু “মহাগৌৰী”ৰ বৰণ সম্পূৰ্ণৰূপে ক’লা পৰি গ’ল। “মহাগৌৰী”ৰ তপস্যাত প্ৰসন্ন আৰু সন্তুষ্ট হৈ যেতিয়া ভগৱান শিৱই দেৱীৰ শৰীৰক ঘঁহি-ঘঁহি গংগাৰ পবিত্ৰ পানীৰে গা ধুৱালে, তেতিয়া দেৱীৰ শৰীৰ বিদ্যুত প্ৰভাৰ নিচিনা অতি কান্তিমান গৌৰ হৈ উঠিল। তেতিয়াৰ পৰা দেৱীৰ নাম ‘মহাগৌৰী’ হ’ল। দুৰ্গাপূজাৰ অষ্টম দিনা ‘মহাগৌৰী’ৰ উপাসনাৰ বিধান আছে।

৯। সিদ্ধিদাত্ৰী

মা দুৰ্গাদেৱীৰ নৱম শক্তিৰ নাম হ’ল ‘সিদ্ধিদাত্ৰী’। দেৱীয়ে সকলো প্ৰকাৰৰ সিদ্ধি প্ৰদান কৰে। মাৰ্কণ্ডেয় পুৰাণ মতে অনিমা, মহিমা, গৰিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য, ঈশিত্ব আৰু ৱশিত্ব-সিদ্ধি এই আঠ বিধ। ব্ৰহ্মবৈবৰ্ত পুৰাণৰ শ্ৰীকৃষ্ণ জন্মখণ্ডত এনে সিদ্ধিৰ সংখ্যা ওঠৰ বুলি কোৱা হৈছে। সেইবোৰৰ নাম—-
(১) অণিমা, (২) লঘিমা, (৩) প্ৰাপ্তি, (৪) প্ৰাকাম্য, (৫) মহিমা, (৬) ঈশিত্ব, (৭) সৰ্ৱকামাৱসায়িতা, (৮) সৰ্বজ্ঞত্ব, (৯) দূৰ শ্ৰৱণ, (১০) পৰকায়প্ৰৱেশন, (১১) বাক্ সিদ্ধি, (১২) কল্পবৃক্ষত্ব, (১৩) সৃষ্টি, (১৪) সংহাৰ কৰণ সামৰ্থ্য, (১৫) অমৰত্ব, (১৬) সৰ্ব নায়কত্ব, (১৭) ভাৱনা আৰু (১৮) সিদ্ধি।

ভক্ত আৰু সাধকসকলক আই সিদ্ধিদাত্ৰীয়ে উক্ত সকলো ধৰণৰ সিদ্ধি প্ৰদান কৰিবলৈ সমৰ্থ। দেবী পুৰাণৰ মতে “সিদ্ধিদাত্ৰী”ৰ কৃপাত ভগৱান শিৱই এইবোৰ সিদ্ধি লাভ কৰিছিল। “সিদ্ধিদাত্ৰী”ৰ অনুকম্পাত ভগৱান শিৱৰ অৰ্ধ শৰীৰ দেৱীৰ হৈছিল আৰু তাৰে বাবে তেওঁ অৰ্ধ নাৰীশ্বৰ নামেৰে বিশ্ব প্ৰসিদ্ধ হৈছিল। আই সিদ্ধিদাত্ৰী চতুৰ্ভুজা, বাহন হ’ল সিংহ। নৱ দুৰ্গাৰ মাজত আই সিদ্ধিদাত্ৰী হ’ল অন্তিম। অন্য অষ্ট দুৰ্গাৰ পূজা-উপাসনা শাস্ত্ৰীয় বিধি-বিধানেৰে কৰাৰ পিছত ভক্তই দুৰ্গা পূজাৰ নৱম দিনা “সিদ্ধিদাত্ৰী”ৰ উপাসনাত প্ৰবৃত্ত হয়। এই সিদ্ধিদাত্ৰী আইৰ উপাসনা পূৰ্ণ হোৱাত ভক্ত আৰু সাধকৰ সকলো মনোকামনা পূৰ্ণ হয়। (সংগৃহীত)

 

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে