অৰুপ পূজাৰী, মুৰফুলনীঃ উজনিৰ সৰুপথাৰ সমষ্টি কংগ্ৰেছ শূন্য হৈ পৰাৰ দিশে আগবাঢ়িছে৷ সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰায় সংখ্যক নেতা বিজেপিলৈ গমন কৰিছে৷ তাৰ মাজতে আজি কংগ্ৰেছৰ ফুলবাৰী গাঁও পঞ্চায়তৰ সভাপতি জ্যেতি বৰাই বিজেপিত যোগদান কৰে৷ মৰঙী মৌজাৰ ফুলবাৰী গাঁও পঞ্চায়তৰ সভাগৃহত সৰুপথাৰৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত জ্যেতি বৰাৰ লগতে ফুলবাৰী পঞ্চায়তৰ আঞ্চলিক সদস্য ৰাজেশ লোহাৰে বিজেপিত যোগদান কৰে৷ ফুলবাৰী মণ্ডল কংগ্ৰেছৰ সভাপতি-সম্পাদকৰ লগতে শতাধিক কংগ্ৰেছ কৰ্মীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। সুৰেন্দ্ৰ নাথ গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাত মৰঙী জিলা পৰিষদৰ সদস্যা পূৰবী শৰ্মা, দৈগ্ৰোং পঞ্চায়তৰ সভানেত্ৰী জুমনি বৰুৱা, লেতেকুজান পঞ্চায়তৰ সভাপতি সুজিত বৰা, মূৰফুলনী গাঁও পঞ্চায়তৰ সভাপতি চন্দন কাকতি, মৰঙী কৃষক মৰ্চাৰ সভাপতি লিপিকা বৰা উপস্থিত থাকে।