January 30, 2023, 7:21 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ আৰক্ষীৰ গুলী বাঢ়িয়েই আছেঃ ফেব্ৰুৱাৰীৰ পৰা আকৌ বাঢ়িব বিদ্যুৎ মাচুল ৩৭ খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ল সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৰাজ্যিক অধিবেশন কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য কুমাৰ ভূঞাৰ জন্মদিৱস উদযাপন

শশীয়ে দিব ভোটঃ ৰাজ্যসভাত দুয়ো আসনত শাসকীয় পক্ষ জয়ী হ’ব, মুখ্যমন্ত্ৰীয়ে কোৱা কথা বেদৰ বাক্য

Reporter Name
  • Update Time : Sunday, March 20, 2022
  • 134 Time View

আজি পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ঘৰত উপস্থিত হৈ ৰাজ্যসভাৰ নিৰ্বাচনত শাসকীয় পক্ষৰ দ্বিতীয়খন আসনত জী হোৱাৰ স্পষ্ট ইংগিত দিলে৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰহাৰ বিধায়ক শশীকান্ত দাসৰ ঘৰত সাক্ষাৎ কৰাৰ পিছতে মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যসভাত বিজেপিক ভোট দিব শশীকান্তই৷ চৰকাৰৰ সৈতে আছে ৰহাৰ বিধায়ক শশীকান্ত আছে৷ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ নিলম্বিত বিধায়কৰ ঘৰলৈ যোৱাৰ পিছতে বিধায়ক শশীকান্ত দাসে কয় যে মুখ্যমন্ত্ৰীয়ে কোৱা কথা বেদৰবাক্য৷ ৰাজ্যসভাৰ দ্বিতীয়খন আসনতো কংগ্ৰেছ জয়ী হ’ব৷ উল্লেখ্য যে, ৰাজ্যসভাৰ দ্বিতীয়খন আসন দখল কৰাৰ বাবে ব্যাপক তৎপৰতা চলাইছে শাসকীয় বিজেপি দলে। নেতৃত্বত আছে খোদ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ আজি ৰহাৰ কংগ্ৰেছ পুৱাই বিৰোধ দলৰ বিধায়ক ঘৰত মুখ্যমন্ত্ৰী উপস্থিত হোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলসমূহে। অৱশ্যে পূৰ্বেৰে পৰাই শশীকান্ত দাসে ২০২১ৰ বিধানসভাৰ অধিবেশনত বিজেপি মিত্ৰজোঁট চৰকাৰক সমৰ্থন জনাই মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতিক সক্ষাৎ কৰিছিল৷ মু্খ্যমন্ত্ৰী তথা বিজেপিৰ সভাপতিৰ চৰণ স্পৰ্শ কৰিছিল। শশীকান্ত দাসৰ সমৰ্থন নিৰ্বাচনত শাসক-বিৰোধী উভয়কে প্ৰয়োজন হৈ পৰিছে। বিধায়কগৰাকীৰ ঘৰত চাহমেলত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰহাৰ জোঙাল বলহু গড় পৰিদৰ্শন কৰে। জোঙাল বলহু গড়ৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰকাৰী সাহায্য আগবঢ়োৱাৰ ঘোষণা কৰে। বিধায়ক শশী দাসক শেহতীয়াভাৱে কংগ্ৰেছ নেতৃত্বই পুনৰ আদৰি ল’বৰ বাবে তৎপৰ হৈ পৰিছে। কংগ্ৰেছৰ ৰাজ্যসভাৰ প্ৰাৰ্থী ৰিপুন বৰাক জয়ী কৰাবলৈ দলে থ্ৰী-লাইন হুইপো জাৰি কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে