March 31, 2023, 9:45 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জলাশয়ৰ পৰা উদ্ধাৰ দ্বিতীয়টো মৃতদেহঃ মানকাচৰৰ অসম-বাংলাদেশ সীমান্তৰ BSFৰ জিপছি দুর্ঘটনা

Reporter Name
  • Update Time : Saturday, March 19, 2022
  • 94 Time View

অসম-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ঝাওডাংগাত বিএছএফৰ গাড়ী পথ দুৰ্ঘটনাত পতিত হৈ জলাশয়ত পৰি এগৰাকী জোৱান নিৰুদ্দেশ হৈ আছিল৷ নিৰুদ্দিষ্ট জোৱানগৰাকীৰ ৩০ ঘণ্টাৰ অন্তত মৃতদেহ উদ্ধাৰ হৈছে৷ এই পথ দুৰ্ঘটনাত দুগৰাকী বিএছএফ জোৱানৰ মৃত্যু হয়৷ প্ৰথমগৰাকী মৃত জোৱানৰ মৃতদেহ মৃতদেহ শুকুৰবাৰেই লগে লগে উদ্ধাৰ হয় যদিও দ্বিতীয়গৰাকীৰ মৃতদেহ আজি উদ্ধাৰ হয়৷ মানকাচৰ আৰক্ষী থানা এলেকাৰ ভাৰত-বাংলাদেশ সীমান্তৰ ঝাওডাংগাত শুকুৰবাৰে বিএছএফৰ এখন পেট্ৰলিং বাহন দুর্ঘটনাত পতিত হয়। বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত বাগৰি পৰে৷ ততাতৈয়াকৈ তিনিগৰাকী জোৱানক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও এগৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ লগতে আন এগৰাকী নিৰুদ্দেশ হৈ আছিল৷ নিৰুদ্দেশ হৈ থকা বিএছএফ জোৱানৰ মৃতদেহ ৩০ ঘণ্টাৰ ভিতৰত আজি উদ্ধাৰ কৰা হয়। শুকুৰবাৰে দিনৰ প্ৰায় ১ বজাত ৫ বিএছএফ জোৱানে এএছ-০১-ডব্লিউ-১৭০৮ নম্বৰৰ জিপচিত নিয়মিত তহল দিবলৈ অহাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই জলাশত পৰে। পথৰ পৰা পৰি জলাশয়ত ডুব যায়। বাহনখনৰ পৰা তিনি জোৱানে প্ৰাণ ৰক্ষা কৰি জলাশয়ৰ পৰা উঠি আহে যদিও বাহনখনৰ চালক আৰু কনিষ্টবল নিখোজ হয়। এছডিআৰএফ-এনডিআৰএফ, আৰক্ষী-বিএছএফ বাহিনীয়ে ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান চলাই চালক ধৰ্মেন্দ কাছানা উদ্ধাৰ কৰে। কিন্তু জোৱানজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ শনিবাৰে পুৱা পুনৰ অভিযান চলাই নিখোজ জিতেন্দ্ৰ কুমাৰ পাণ্ডেৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ নিয়া হৈছে। নিহত ধৰ্মেন্দৰৰ ঘৰ পঞ্জাৱত আৰু জিতেন্দ্ৰৰ কুমাৰ পাণ্ডেৰ ঘৰ বিহাৰত।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে