১. ন্যায়াধীশ নংমেইকাপাম কটিশ্বৰ সিঙক নিযুক্তি দিয়া হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে। ২১ ছেপ্তেম্বৰৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিব সিঙে। ন্যায়াধীশ অজয় লাম্বাৰ স্থানত নিযুক্তি দিয়া হৈছে সিঙক।
২. ভাৰত-চীন সংঘাতৰ মাজতে চীনস্থিত এছিয়ান ইনফ্ৰাষ্ট্ৰাকচাৰ ইনভেষ্টমেন্ট বেংকৰ পৰা প্ৰায় ৯ হাজাৰ কোটি টকাৰ ধন ঋণ লৈছে ভাৰত চৰকাৰে। সংসদত এই কথা স্বীকাৰ কৰিছে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে।
৩. কাছাৰৰ উধাৰবন্দৰ অৰুণাবন্দ চাহ বাগিচাৰ কাটাটিলাত বজ্ৰ পৰি দুজনৰ মৃত্যু৷ নিহত লোক দুজন অৰুণাবন্দ চাহ বাগিচাৰ বাসিন্দা প্ৰদীপ ওৰাং আৰু হঘংগৰবন্দৰ বাসিন্দা সমৰা ওৰাং। পথাৰৰ পৰা গৰু আনিবলৈ যাওতে এনেদৰে মৃত্যুৰ সাৱতি লয় লোক দুজনে।
৪. কৃষক বিৰোধী কৃষি বিধেয়কক লৈ ওলট-পালট পঞ্জাৱ আৰু হাৰিয়ানাৰ ৰাজনীতি। কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কেবিনেট মন্ত্ৰী হৰছিমৰত কৌৰৰ। এনডিএৰ পৰা ওলাই যোৱাৰ হুংকাৰ আকালি দলৰ।
৫. কৃষি বিধেয়কক লৈ হাৰিয়ানাৰ বিজেপি আৰু জননায়ক জনতা পাৰ্টীৰ মিত্ৰজোঁটৰ চৰকাৰতো ফাট মেলাৰ সম্ভাৱনা। হাৰিয়ানাৰ উপ-মুখ্যমন্ত্ৰী দুষ্যন্ত চৌতালাৰো কৃষি বিধেয়কক বিৰোধিতা কৰাৰ ইংগিত।
৬. কৰ’নাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ থকা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সুস্থ হৈ উঠাত ঘৰলৈ যাবলৈ দিছে এইমছ কৰ্তৃপক্ষই। বৃহস্পতিবাৰে চিকিৎসালয়ৰ পৰা ঘৰমুৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী।
৭. ভাৰতত বৃহস্পতিবাৰৰ দিনটোত নতুনকৈ কৰ’নাত আক্ৰান্ত হ’ল ৯৬,৪২৪ জন লোক। কালিৰ দিনটোত ৰোগবিধত মৃত্যু হয় ১১৭৪ জনৰ। মৃত্যুৰ সংখ্যা ৮৪,৩৭২ জনলৈ বৃদ্ধি পোৱাৰ লগতে মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৫২,১৪,৬৭৭ জন।
৮. কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জীয়াঢল নৈৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিছে ধেমাজি ৰাজহ চক্ৰৰ অন্তৰ্গত বিস্তীৰ্ণ অঞ্চল। বৃহস্পতিবাৰে দুপৰীয়াৰ ভাগত নৈখনৰ বাঢ়নী পানীয়ে ধ্বংসলীলা চলাই ৰাজহ চক্ৰটোৰ অন্তৰ্গত দুকুৰিতকৈ অধিক গাঁৱত।
৯. কৰ’না কালৰ মাজতে গ্ৰন্থপ্ৰেমীসকলৰ বাবে সুখবৰ। বৃহস্পতিবাৰে উন্মোচন কৰা হয় সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ গদ্য সন্দৰ্ভত সম্পাদনা কৰি উলিওৱা এখন গৱেষণামূলক গ্ৰন্থ৷ ড০ প্ৰাপ্তি ঠাকুৰে সম্পাদনা কৰা প্ৰায় ৫০০ পৃষ্ঠাৰ পকাবন্ধা গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা সাতসৰী আলোচনীৰ কাৰ্যবাহী সম্পাদক অতনু ভট্টাচাৰ্যই৷
১০. পুলৱামা সদৃশ কাণ্ডৰ পৰা কথমপি ৰক্ষা পৰিল জম্মু-কাশ্মীৰ। নিৰাপত্তাৰক্ষীয়ে এখন বাগিছাৰ পৰা মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ কৰে ৫২ কিলোগ্ৰমাতকৈও অধিক পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।