পঙ্কজ কুমাৰ লহকৰ, নলবাৰীঃ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত নলবাৰী জিলা উন্নতি সভা আৰু নলবাৰী জিলা অসম সেনাৰ অধিৱেশন আজি নলবাৰী চহৰৰ দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত অনুষ্ঠিত হয়। সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়া এৰি অহা সদস্যসকলে অৰাজনৈতিক চৰিত্ৰৰে সমাজৰ হকে কাম কৰি যোৱা লোকসকলক একত্ৰিত কৰি গঠন কৰা নলবাৰী উন্নতি সভা আৰু নলবাৰী জিলা অসম সেনাৰ নলবাৰী অধিৱেশন এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনৰে আৰম্ভ হোৱা সভাখনত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজিৎ পাঠকে সভাপতিত্ব কৰে। সভাত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজউদ্দিন আহমেদ, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ৰুবুল বৰ্মন, নৱ কুমাৰ ডেকা। অধিৱেশনত নতুনকৈ নলবাৰী উন্নতি সভাখন গঠন কৰা হ’ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আহি অৰাজনৈতিক ভাৱে থাকি এই সমিতিৰ লগত জড়িত হৈ সদাই সমাজৰ হকে কাম কৰি যাম বুলিও উল্লেখ কৰে।