নলবাৰীত পৌৰ সভা নিৰ্বাচনৰ অন্তিমটো দিনত অগপ-বিজেপিয়ে ৰেলী উলিয়াই চমক দিয়ে৷ নলবাৰীত পৌৰসভাৰ অন্তিম প্ৰচাৰত অগপ আৰু বিজেপি প্ৰাৰ্থীৰ সমৰ্থকসকলে বিশাল ৰেলীৰে ভোটাৰ ৰাইজৰ মন আকৰ্ষণ কৰিবলৈ চেষ্টা চলোৱা দেখা গৈছে। নাচি-বাগি বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ এক বিশাল পদযাত্ৰাৰে নলবাৰী চহৰত ৰেলি উলিয়াই ভোটাৰ ৰাইজক চমক দিয়ে। মঙ্গলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, অগপৰ কেন্দ্ৰীয় নেতা দিলীপ দাসকে ধৰি বিজেপি-অগপ নেতা-কৰ্মী উপস্থিত থাকে৷