February 6, 2023, 10:19 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি নগাঁও-মৰিগাঁৱৰ সীমান্তৱৰ্তী কহুঁৱাআটীত আন্তঃৰাষ্ট্ৰীয় শৈৱ সংঘৰ স্থাপনা সমাৰোহ সম্পন্ন মিছন বসুন্ধৰা আঁচনিৰ আবেদনৰ অন্তিম দিন ৩১ মাৰ্চলৈ বৃদ্ধি নগাঁৱৰ হিন্দু মিলন মন্দিৰত মাঘী পূৰ্ণিমা উদযাপন হিমালয়ৰ পাদদেশ আছে বিপদজনক অৱস্থাতঃ তুৰস্কৰ ভূমিকম্পত ২০০ জনৰ প্ৰাণহানি ইটোৰ পিছত সিটো বিৰ্তকই লগ এৰা নাই এজন ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰক কাছাৰত চাঞ্চল্যকৰ ঘটনাঃ প্ৰেমিকৰ সৈতে সোনকালে বিয়া হ’ব নোৱাৰাৰ আশংকাত চৰম সিদ্ধান্ত ১৬ বছৰীয়া মাহমুদা বেগমৰ দেশৰ ১০ জন ধনী সাংসদৰ তালিকাত আজমলঃ ১০ বছৰত ৪৮ কোটি টকাৰ সম্পত্তি বৃদ্ধি মাৰ্কিন আকাশত ধ্বংস হ’ল চীনৰ সন্দেহজনক ‘স্পাই বেলুন আৰক্ষীৰ অভিযান চলি আছেঃ শহুৰেকৰ ঘৰতে আত্মহত্যাৰ চেষ্টা ১৮ বছৰীয়া অংকুৰৰ পাকিস্তানৰ প্ৰাক্তন ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ দেহাৱসান

বানবিধ্বস্ত বৰক’লা অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

Reporter Name
  • Update Time : Wednesday, May 25, 2022
  • 35 Time View

জয়ন্ত মুদৈ, বেবেজীয়াঃ কপিলী, হাৰিয়া আৰু নিশাৰী নৈৰ প্ৰলয়ংকৰী বানত বিধ্বস্ত হোৱা বৰক’লা অঞ্চলৰ বন্যাৰ্তৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে আজি তেওঁলোকৰ কাষত ঠিয় হয় ৰাজ্য জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকা৷ দুপৰীয়া ভাগত মন্ত্ৰীগৰাকীয়ে বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপিত বান শিবিৰত থকা দুই সহস্ৰাধিক বনাক্ৰান্তৰ অভাৱ-অভিযোগৰ বুজ লৈ চৰকাৰৰ ফালৰ সকলো সহায়-সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে৷ ইয়াৰ পিছতে মন্ত্ৰীগৰাকীয়ে বৰক’লাৰ মিনা বজাৰত উপস্থিত হৈ দক্ষিণপাট-কামপুৰ সংযোগী গড়কাপ্তানি পথছোৱাৰ বৰক’লাৰ হাৰিয়া দলঙৰ সমীপত বানে ছিগি নিয়া অংশছোৱা অতি সোনকালে মেৰামতি কৰি ৰাইজৰ যাতায়াতৰ উপযোগী কৰি তুলিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰে৷ তদুপৰি মন্ত্ৰীগৰাকীয়ে হাৰিয়া নৈ ভগ্ন মথাউৰিসমূহ পৰিদৰ্শন কৰি পৰিস্থিতি অনুকুল হোৱাৰ লগে লগেই এইসমূহ নিৰ্মাণ কৰি তোলাৰ আশ্বাস দিয়ে ৷ উল্লেখ্য, এই বান বিধ্বস্ত পৰিদৰ্শন কালত মন্ত্ৰী পীয়ুজ হাজৰিকাক সংগদান দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, দক্ষিনপাট গাঁও পঞ্চায়তৰ সভাপতি যুগ প্ৰসাদ বৰদলৈ, বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিং, প্ৰাক্তন সভাপতি টুটু মণি লস্কৰ, সমাজকৰ্মী দৰবাৰ সিং, মোহিনী মোহন লস্কৰ, দিলীপ লস্কৰ, শিক্ষক ভদ্ৰ কান্ত ডেকাকে ধৰি বৰক’লা অঞ্চলৰ বহুকেইজন ব্যক্তিয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে