জয়ন্ত মুদৈ, বেবেজীয়াঃ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ ৫৩৪ সংখ্যক শ্ৰীশ্ৰী মাধৱদেৱৰ আৱিৰ্ভাৱ মহোৎসৱভাগ শ্ৰীমন্ত শঙ্কৰদেৱ আঞ্চলিক শাখাৰ আতিথ্য আৰু ব্যৱস্থাপনাত কাইলৈ বিস্তৃত কাৰ্যসূচীৰে চকলাঘাট ৰাস মন্দিৰত অনুষ্ঠিত হ’ব বুলি আদৰণি সমিতিৰ সম্পাদক উৎপল হাজৰিকা আৰু শংকৰদেৱ আঞ্চলিকৰ সম্পাদক পংকজ শইকীয়াই জানিবলৈ দিছে৷ মূল কাৰ্যসূচীৰ প্ৰাকমুহূতত আজি বিয়লি উৎসৱস্থলীৰ মূল আদৰণি তোৰণ জিলা শাখাৰ উপ-সভাপতি ৰাণা প্ৰকাশ বৰাই আৰু ব্ৰাহ্মণগাঁও চাৰিআলিৰ তোৰণ আদৰণি সমিতিৰ সভাপতি দেৱ কুমাৰ বৰাই মুকলি কৰে৷ মহোৎসৱৰ কাৰ্যসূচী কাইলৈ পুৱা প্ৰাতঃ প্ৰসংগ, গুনমালা কীৰ্তন আৰু পৰিবেশ নিকাকৰণ পাছতে বৃক্ষ ৰোপণৰ শুভাৰম্ভ কৰিব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ নগাঁও জিলা শাখাৰ উপ-সভাপতি ৰাণা প্ৰকাশ বৰাই৷ পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব জিলা শাখাৰ সভাপতি জ্যোতি প্ৰসাদ ভূঞাই, ৯-৩০ বজাত ভাগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিব মূলৰ সদস্য নলিনী বৰাই৷ দিনৰ ১১ বজাত নগাঁও জিলা সম্পাদক তোষেশ্বৰ বৰাই উদ্ধোধন কৰিব লগা ধৰ্মালোচনী সভাত নিদিষ্ট বক্তাৰূপে সংঘৰ শংকৰী সংস্কৃতি গৱেষণা পৰিষদৰ সদস্য মনোজ দেও ৰজা আৰু বিশিষ্ট অতিথিৰূপে মূলৰ সদস্য প্ৰফুল্ল চন্দ্ৰ বৰা, হৰিদাস ৰাজ কুমাৰ, অজিত কুমাৰ বৰুৱা আৰু শনিৰাম দাসে অংশ গ্ৰহণ কৰিব৷ ইফালে, উৎসৱৰ সৈতে সংগতি ৰাখি ২৩ মে’ৰ নিশা পূৱ হাতীচোং ৰাস মন্দিৰৰ সৌজন্যত মঞ্চায়ন কৰা হ’ব বিশিষ্ট নাট্যকাৰ গম্ভীৰ শইকীয়াৰ ৰচিত নাটক “শ্ৰীশ্ৰী মাধৱদেৱ’৷