দীঘলী বিলৰ পৰা জয়ন্ত মুদৈ, বেবেজীয়াঃ জাকৈ, খালৈ, পল, চেপা, খ’খা, জাল আদি হাতে হাতে লৈ মাছ ধৰিবলৈ নমা অগনন লোকৰ উপস্থিতিৰে আজি মুখৰিত হৈ পৰিল নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত ঐতিহাসিক দীঘলীবিল। প্ৰায় এশ বছৰ ধৰি ব’হাগ বিহুৰ উৰুকাৰ দিনা নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ ৰাইজে পৰম্পৰাগত ভাৱে পালন কৰি আহিছে এই সমূহীয়া মাছ ধৰা উৎসৱ। এইবেলিও গঞা ৰাইজে ব্যপক উৎসাহ উদ্দীপনাৰ মাজেৰে পালন কৰিলে এই সমূহীয়া মাছ ধৰা উৎসৱ। সেয়ে পুৱাৰে পৰা জাজৰি, নসত্ৰ, ৰাইদঙীয়া, চকলাঘাট, কাছমাৰী, পুখুৰীপাৰ, মাজগাঁও, কুজিদাহ, দলংঘাট, গা-খজুৱা, বৰচিলা, হাতীচোং, শিমলুগুৰি, নভেটি, দীঘলীপাৰ, বৰডুবিয়া, আইভেটি, খৌৰামোচৰ, দৰঙীয়াল, খাটোৱাল, ক্ষেত্ৰী গাওঁ, গছপুৰীয়া, গেদাৰবড়ী আদি বিভিন্ন ঠাইৰ পৰা দীঘলী বিললৈ মাছ ধৰিবলৈ আৰু মাছ ধৰাৰ মনোৰম দৃশ্য উপভোগ কৰিবলৈ অহা অগনন গঞা ৰাইজৰ উপস্থিতিৰে ঐতিহাসিক দীঘলী বিলৰ পাৰত এক উদুলি মুদুলি পৰিবেশ সৃষ্টি হয়। এনেদৰে জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সমবেত হোৱা ৰাইজে দীঘলী বিলক এক সমন্বয়ৰ থলীলৈ ৰূপান্তৰ কৰে। প্ৰকাশ থাকে যে, স্বতঃস্ফুত আৰু ৰং-ধেমালিৰ মাজেৰে ঐক্য-সংহতিৰ উৎকৃষ্ট চানেকি দাঙি ধৰি পুৰুষ মহিলা, ডেকা গাভৰুৰ লগতে কন কন লৰা ছোৱালীও মাছ ধৰাৰ বাবে বিলৰ পানীত নামে যদিও পূৰ্বৰ তুলনাত মাছৰ সংখ্যা বহু পৰিমাণে হ্ৰাস পোৱাৰ হেতু অধিকাংশই মাছ পাবলৈ সক্ষম নহ’ল। কিন্তু ইয়াৰ বাবে কোনেও দুখ প্ৰকাশ নকৰি উৰুকাৰ বহু আকাংক্ষিত এই দিনটোত দীঘলী বিলত পৰম্পৰাক জীপাল কৰি তোলে । আনকি বহু কেইজন অত্যুৎসাহী লোকে বিলৰ পাৰতেই বিহুগীত জুৰি নৃত্য গীতত মচগুল হৈ বিহুৰ আনন্দত মতলীয়া হৈ এক নান্দনিক পৰিবেশৰ সৃষ্টি কৰে।