নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ অসাধু চক্ৰই অব্যাহত ৰাখিছে নিষিদ্ধ ড্ৰাগছৰ বেহা ৷ ঘাইকৈ জিলাখনৰ উত্তৰ-পশ্চিম প্ৰান্তৰ গ্ৰামাঞ্চলত সৱল নেটৱৰ্ক গঠনেৰে অসাধু চক্ৰটোয়ে আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক ভেঙুচালি কৰি চলাই আহিছে ড্ৰাগছৰ ৰমৰমীয়া বেহা ৷ ইয়াৰ মাজতে বৃহস্পতিবাৰে জিলাখনৰ জুৰীয়া আৰক্ষী থানাৰ এলেকাধীন দগাঁৱৰ শালপাৰত আৰক্ষীৰ জালত পৰে নিষিদ্ধ ড্ৰাগছসহ দুটা সৰবৰাহকাৰী ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে শালপাৰাৰ জাকিৰ হুছেইন আৰু মাইনুল হক ৷ আচলতে, জুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুন্না পাচনিয়ে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই কৰায়ত্ত কৰে ড্ৰাগছ সৰবৰাহকাৰী দুটাক ৷ ধৃত সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে তিনিটা ড্ৰাগছভৰ্তি কন্টেইনাৰ, সাতটা খালি কন্টেইনাৰ, দুটা ড্ৰাগছ সৰবৰাহত ব্যৱহৃত চাধাৰ টেমা আৰু দুটা লাইটাৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । দীৰ্ঘদিন ধৰি নিষিদ্ধ ড্ৰাগছ বেহাৰ লগত জড়িত সৰবৰাহকাৰী দুটাক অধিক তথ্যৰ লাভৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷