নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ গণৰাজ্য দিৱসৰ ওলহ-মালহৰ মাজতে নগাঁও জিলাৰ ধিঙত কালি বিয়লি সংঘটিত হয় এক গুলীচালনাৰ ঘটনা ৷ ধিঙৰ উধানতলা চৰত সংঘটিত হয় এই গুলীচালনাৰ ঘটনা ৷ গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত এজন যুৱক ৷ গুলীবিদ্ধ যুৱকজনৰ নাম ৱাহিদুল ইছলাম ৷ আচলতে, উধানতলাৰ নিজ ঘৰৰ সমীপতে যুৱকজনলৈ তিনি জাঁই গুলীচালনা কৰে দুৰ্বৃত্তই ৷ ইয়াৰে এটা গুলী যুৱকজনৰ পিঠিত আন আৰু এটা গুলী মুখত লগা বুলি সন্দেহ প্ৰকাশ কৰিছে চিকিৎকে ৷ এই গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত ৱাহিদুৰ ইছলামক পিছত সংকটজনক অৱস্থাত নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ ইফালে, যুৱকজনৰ ওপৰত চলা গুলীচালনাৰ ঘটনাৰ লগত স্থানীয় ছামিম আকতাৰ আৰু ৰাহুল নামৰ দুজন লোক জড়িত থকাৰ অভিযোগ কৰিছে যুৱকজনৰ পৰিয়ালৰ লোকে ৷ উল্লেখ্য যে, ছামিম আকতাৰৰ ভাতৃ ইকবালক কেইদিনমানৰ পূৰ্বে অচিনাক্ত লোকে হত্যা কৰিছিল ৷ আৰক্ষীয়ে এই গুলীচালনাৰে উক্ত হত্যাকাণ্ডৰ সম্পৰ্ক আছে নেকি সেই সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে চৰৰ ভূমিকেন্দ্ৰিক সংঘাত আৰু ড্ৰাগছৰ বেহাৰ বিষয়টোও তদন্তৰ আওতালৈ আনিছে বুলি এক বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷