নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও চহৰৰ ইছলামপট্টিত আৰম্ভ হৈছে দুদিনীয়া বেডমিণ্টন টুৰ্ণামেণ্ট। অন্যতম সামাজিক অনুষ্ঠান পায়’নিৰ গ্ৰুপৰ উদ্যোগত ৰাজপত্ৰিত বিষয়া তথা সুদক্ষ শ্বাটলাৰ প্ৰয়াত হিমাংশু জ্যোতি নাথৰ সোঁৱৰণত অনুষ্ঠিত হোৱা এই টুৰ্ণামেণ্টখনত ৩২ টাকৈ দলে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। নৈশালোকত অনুষ্ঠিত হোৱা ১৮ বছৰৰ ঊৰ্ধৰ এই প্ৰাইজমানি টুৰ্ণামেণ্টখনৰ বিজয়ী দলক ১০,০০১ টকা আৰু বিজিত দলক ৫,০০১ টকা পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ’ব। এই টুৰ্নামেণ্টখনৰ মঙলবাৰৰ নিশাৰ উদ্বোধনী অনুষ্ঠানত অন্যান্যসকলৰ লগতে পায়’নিৰ গ্ৰুপৰ সভাপতি হাদিউল আলম আৰু সম্পাদক শ্বৰফৰাজ হুছেইনো উপস্থিত থাকে। বিদূষী মহিলা ধণ্টিপ্ৰভা দেৱীয়ে উদ্বোধন কৰা টুৰ্নামেণ্টখনৰ প্ৰথমটো নিশাৰ খেল পৰিচালনা কৰে জয়ন্ত দাস আৰু শ্বৰফৰাজ হুছেইনে।