জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁও জিলাত আৰক্ষীয়ে ব্যাপক ৰূপত অব্যাহত ৰাখিছে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে জোৰদাৰ অভিযান৷ তৎস্বত্বেও আৰক্ষীলৈ কেৰেপ নকৰি অসাধু চক্ৰই সৱল নেটৱৰ্ক গঠন কৰি কৌশলেৰে চলাই আহিছে ড্ৰাগছৰ গোপন বেহা৷ বটদ্ৰৱা আৰক্ষী থানাৰ এলেকাধীন ভোমোৰাগুৰিত নগদ ধন আৰু নিষিদ্ধ ড্ৰাগছসহ এজন লোক আৰক্ষীৰ জালত পৰা ঘটনাই ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জাজৰি আৰক্ষী থানাৰ অন্তৰ্গত হাতীযুঁজোৱাৰ ড্ৰাগছ ব্যৱসায়ী আব্দুল হাকিম (৫৫) জালত পৰে৷ বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কুমুদ গগৈৰ নেতৃত্বত আৰক্ষীৰ দলে পূৱ ভোমোৰাগুৰিৰ পৰা কৰায়ত্ব কৰিবলৈ সক্ষম হয় কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোক। আচলতে, পূব ভোমোৰাগুৰিৰ এঘৰ লোকৰ ঘৰত ভাড়াত থকা ড্ৰাগছ ব্যৱসায়ীটোয়ে ভাড়া ঘৰৰ পৰাই গোপনে অব্যাহত ৰাখিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। আৰক্ষীয়ে তালাচী চলাই ড্ৰাগছ ব্যৱসায়ীটোৰ ভাড়া ঘৰৰ পৰা ৯.৭০ গ্ৰাম ড্ৰাগছৰ লগতে চৈধ্যটা কনট্রেইনাৰ, ড্ৰাগছ সেৱন কৰা সামগ্ৰী আৰু ২৮৬০ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়৷ সম্প্ৰতি, বটদ্ৰৱা আৰক্ষীয়ে অধিক তথ্য লাভৰ বাবে ড্ৰাগছ মাফিয়াটোক জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।