বঙাইগাঁওঃ নামনি অসমৰ বঙাইগাঁও জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে এগৰাকী ছাত্ৰই৷ বেদান্ত চৌধুৰী নামৰ ছাত্ৰ জনে সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠি বঙাইগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিছে৷
ব্লুম ইণ্ডিয়া নামৰ এটা সংস্থাই সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰা ‘My Father My Hero’ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে বেদান্ত চৌধুৰীয়ে৷ ছবি আঁকি সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠা বেদান্ত বঙাইগাঁও লিটিল ফ্লাৱাৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ। ব্লুম ইণ্ডিয়াই প্ৰতিবছৰে সৰ্বভাৰতীয় পৰ্যায়ত অনলাইন যোগে অনুষ্ঠিত কৰে ছবি অঁকা প্ৰতিযোগিতা।
ব্লুম ইণ্ডিয়াই অনলাইন যোগে প্ৰমাণপত্ৰকে পুৰষ্কাৰ প্ৰদান কৰে। বঙাইগাঁও চহৰৰ দেউৰী পৰা পহাৰতলিৰ মলীন চৌধুৰীৰ পুত্ৰ বেদান্ত চৌধুৰীয়ে সৰ্বভাৰতীয় পৰ্যায়ত স্থান লাভ কৰি সুনাম অৰ্জন কৰাত উৎফুল্লিত হৈ পৰে অঞ্চলবাসী।