March 29, 2023, 3:34 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

লেহৰ চিকিৎসালয়ত তোলা মোদীৰ ফটোক লৈ বিৰোধীৰ অপপ্ৰচাৰ!

নিউজ ডেস্ক
  • Update Time : Saturday, July 4, 2020
  • 174 Time View

নতুন দিল্লীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহত সৈনিকৰ স্বাস্থ্যৰ বুজ ল’বলৈ যোৱা সময়ত তোলা ফটোক লৈ বিতৰ্কৰ সূত্ৰপাত হোৱাৰ পিছতে ভাৰতীয় সেনাবাহিনীয়ে সংবাদ মাধ্যমলৈ বিবৃতি প্ৰেৰণৰ জৰিয়তে বিষয়টো সন্দৰ্ভত স্পষ্ট কৰি দিছে। বিবৃতিটোত স্পষ্টকৈ কোৱা হৈছে যে ছ’চিয়েল মিডিয়াত যিধৰণে একাংশ লোকে প্ৰধানমন্ত্ৰী মোদী আৰু আহত সেনা জোৱানসকলৰ ফটোক লৈ মন্তব্য কৰিছে সেয়া সম্পূৰ্ণৰূপে অসত্য আৰু অপপ্ৰচাৰ।

‘ফটোত দেখা পোৱা হোৱা হলটো হৈছে জৰুৰী অৱস্থাত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ ফলত পৰিৱৰ্ধন কৰা হাস্পতাল বেড আৰু এয়া চিকিৎসালয় চৌহদৰেই অন্তৰ্গত। ক’ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত বহু ৱাৰ্ড আইছ’লেশ্যন ৱাৰ্ডলৈ সলনি কৰিবলগীয়া হৈছে। সেয়ে সাধাৰণতে প্ৰশিক্ষণৰ বাবে ব্যৱহাৰ কৰা চিকিৎসালয়খনৰ এই অডিঅ’ আৰু ভিডিঅ’ হলটোকেই বৰ্তমান জেনেৰেল ৱাৰ্ডলৈ ৰূপান্তৰিত কৰা হৈছে।’-বিবৃতিটোত কৈছে ভাৰতীয় সেনাই।

‘গালৱানৰ আহত বীৰ সেনাসকল যাতে কৰ’না ৰোগীৰ সংস্পৰ্শলৈ আহিবলগীয়া নহয় তাৰ বাবে এই কনফাৰেন্স হলত সুকীয়াকৈ চিকিৎসা কৰি থকা হৈছে। এই একেই স্থানতে কেইদিনমান পূৰ্বে সেনাপ্ৰধান এমএম নাৰৱানেও আহত সেনাসকলক সাক্ষাৎ কৰি সাহস যোগাইছে।’-ছ’চিয়েল মিডিয়াত চলা অনাহক বিতৰ্কৰ অৱসান আশা কৰি বিবৃতিটোত এইদৰে উল্লেখ কৰিছে ভাৰতীয় সেনাই।

আনহাতে, ফটোকেইখনত চিকিৎসাধীন সেনাজোৱানকেইজন যদি আঘাতপ্ৰাপ্ত আছিল তেন্তে বেণ্ডেজ আদি নোহোৱাকৈ কেনেকৈ সুস্থ লোকৰ দৰে বহি থাকিব পাৰিছে বুলি ভিন্নজনে কৰা প্ৰশ্নক লৈ মন্তব্য কৰিছে মেজৰ নৱদ্বীপ সিঙে। তেওঁ লিখিছে, ‘এইসকল সেনা গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকা নাই। তেওঁলোকৰ আঘাতসমূহ ভাাল হৈ উঠিছে আৰু এতিয়া সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰালৈকে তাত ৰখা হৈছে।’

এনেদৰেই শনিবাৰে ভাৰতীয় সেনাই স্পষ্ট কৰি দিয়ে যে কংগ্ৰেছ দলৰ লগতে আন বিৰোধী দল তথা মোদীৰ সমালোচকসকলে কালিৰে পৰা শ্বেয়াৰ কৰি থকা প্ৰধানমন্ত্ৰী মোদীৰ লেহৰ ফটোসমূহ ফেক ফটো নহয়। লগতে এয়া চমক সৃষ্টিৰ বাবে কৰা কোনো কৃত্ৰিম ফটো ছেছনো নহয়। এয়া প্ৰকৃততেই এখন চিকিৎসালয়ৰেই ফটো আৰু উক্ত চিকিৎসালয়খনেৰই এটা কনফাৰেন্স হলত কৰ’নাৰ বাবে হোৱা ৰোগীৰ ভিৰৰ পৰিপ্ৰেক্ষিতত গালৱানত মজলীয়াভাৱে আঘাতপ্ৰাপ্ত সেনাসকলক চিকিৎসা কৰি থকা হৈছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে