মাৰ্ঘেৰিটাৰ পৰা ফাইজুৰ ৰহমানঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ মাকুমবাগান তিনিআলিত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়াবহ দুৰ্ঘটনাত এগৰাকী পথচাৰী থিতাতে নিহত হয়। উদণ্ড বাইক আৰোহী এখন অটোক খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় অটোচালক। বাইক আৰোহী গুৰুতৰভাৱে আহত হয় যদিও পলায়ন কৰে৷ পাৱৈৰ পৰা মাৰ্ঘেৰিটালৈ আহি আছিল AS-23-G-1585 নম্বৰৰ অটোখন। অটোখনত এজন যাত্ৰী আছিল। একেটা পথৰে আহি থকা AR-12-9138 নম্বৰৰ পালচাৰ বাইকখনে মাকুমবাগানৰ সমীপত ৩১৫নং ৰাষ্ট্ৰীয় ঘাইপথত পিছফালৰ পৰা খুন্দিয়াই। ফলত অটোখন বাগৰি পৰে। দুৰ্ঘটনাত বিক্ৰম ভট্টচাৰ্য নামৰ অটো চালকজন থিতাতে নিহত হয়৷ যাত্ৰী প্ৰমোদ তপ্ন গুৰুতৰভাৱে আহত হয়৷ ইতিমধ্যে আহত প্ৰমোদক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অৱশ্যে সংকটজনক হোৱা বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰে। অন্যহাতে দুৰ্ঘটনা সংঘটিত কৰি বাইক চালকে পলায়ণ কৰে। বাইক চালকজন নামদাংৰ জনৈক কালু বুলি জনা গৈছে।