প্ৰবীণ বৰুৱা, মঙলদৈঃ আজি বিশ্ব পৰিৱেশ দিৱস। আজি বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাৰ মঙলদৈ ১নং মাজগাঁও প্ৰাথমিক বিদ্যালয়ত ট্ৰু-নেচাৰ নামৰ স্বেচ্ছাসেৱী সংস্থাই বিশ্ব পৰিবেশ দিৱস পালন কৰে। মঙলদৈ ১নং মাজগাঁও প্ৰাথমিক বিদ্যালয়ত সন্মুখত গছপুলি ৰোপণ কৰি বিশ্ব পৰিৱেশ দিৱস পালন কৰে। বন ধ্বংসৰে জড়িত দুষ্কৃতিকাৰীক অসমৰ পৰিবেশ দূষিত নকৰিবলৈ আহ্বান জনাই ছাত্ৰ-ছাত্ৰীৰ। সম্প্ৰতি ৰাইজ কিছু সচেতন হোৱা বুলি দোহাৰিলে অসমত বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাটো ভাল লক্ষণ বুলি দোহাৰে ট্ৰু নেচাৰ নামৰ স্বেচ্ছাসেৱী সংস্থা কৰ্মকৰ্তাসকলে।