March 29, 2023, 1:46 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

চীনক প্ৰত্যাহ্বান জনাবলৈ ভাৰতে ব্যৱহাৰ কৰিব ৰছুল গালৱানক

Reporter Name
  • Update Time : Wednesday, June 24, 2020
  • 90 Time View

স্কাই নিউজ ডেস্কঃ গালৱান উপত্যকাক লৈ ক্ৰমাৎ তুংগত উঠিছে চীন-ভাৰতৰ সংঘাত। চীনে গালৱান উপত্যকাত নিজৰ দখল সাব্যস্ত কৰিবলৈ অহৰহ চেষ্টা চলাই অহাৰ সময়তে তেনে কাৰ্যক প্ৰত্যাহ্বান জনাইছে গালৱান উপত্যকাৰ নামৰ ইতিহাসৰ সৈতে জড়িত এজন বিশেষ ব্যক্তিয়ে।

৬০ বৰ্ষীয় এই বিশেষ ব্যক্তিজন হৈছে গালৱান উপত্যকাৰ ইতিহাসৰ সৈতে জড়িত গোলাম নবী গালৱান। গোলাম নবী গালৱানৰ ককাদেউতাক ৰছুল গালৱানৰ নামেৰেই লাদাখৰ সমীপৰ চীন-ভাৰত সীমান্তৰ উক্ত উপত্যকাৰ নাম ৰখা হৈছিল গালৱান উপত্যকা। ১৯ শতিকাত চীনা ব্যৱসায়ীৰ এটা দলৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ বচাবলৈ সমৰ্থ হৈছিল ৰছুল গালৱান।

লাদাখত ১৮৭৮ চনত জন্মগ্ৰহণ কৰিছিল ৰছুল গালৱানে। গালৱানৰ জীৱনৰ আৰম্ভণিৰ সময়ছোৱা পাৰ হৈছিল দৰিদ্ৰতাৰ মাজেৰে। পৰ্বত-পাহাৰৰ প্ৰতি আছিল তেওঁৰ অগাধ প্ৰেম। পৰ্বত-পাহাৰৰ প্ৰতি থকা আকৰ্ষণৰ বাবেই মাত্ৰ ১৪ বছৰ বয়সতে গালৱানে হিমালয় অভিযানলৈ যোৱা ব্ৰিটিছ পৰ্বতাৰোহী ফ্ৰান্সিচ ইয়ংহাজবেণ্ডৰ সৈতে যোৱাৰ সুযোগ পাইছিল তেঁও।

‘১৯ শতিকাৰ সেই সময়ত ব্ৰিটেইন আৰু ৰাছিয়াৰ মাজত কূটনৈতিক মতানৈক্যই দেখা দিছিল। গ্ৰেট গেম নামেৰে জনাজাত এই কূটনৈতিক যুদ্ধৰ কাৰণ আছিল আফগানিস্তানৰ লগতে হিমালয়ৰ কাষৰীয়া অঞ্চলসমূহ। তেতিয়াই পৰ্বতাৰোহী ফ্ৰান্সিচে হিমালয়ত অভিযান চলাইছিল। এই অভিযান ব্ৰিটিছ চৰকাৰৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল। মোৰ ককা তেতিয়া তেনেই সৰু আছিল যদিও ফ্ৰান্সিচে স্বীকৃতি দিছিল আৰু নিজৰ সংগী কৰি লৈছিল।’-প্ৰিণ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত এইদৰে কয় বৰ্তমান লেহৰ বাসিন্দা ৰছুল গালৱানৰ নাতি গোলাম নবী গালৱানে।

উক্ত অভিযানকালত দলটো সন্মুখীন হৈছিল যথেষ্ট প্ৰত্যাহ্বানৰ। বৰফেও যথেষ্ট বাধাৰ সৃষ্টি কৰিছিল। দলটো এনেদৰে আৱদ্ধ হৈ পৰিছিল যে জীৱনলৈকো সংশয় নামি আহিছিল। ‘তেতিয়া দলটোৰ বাকী সদস্যসকলে মোৰ ককা ৰছুল গালৱানক উপায় বিচাৰিবলৈ ক’লে। ককাই সেয়া গুৰুত্বসহকাৰে ল’লে আৰু এটা নতুন পথৰ সন্ধান কৰিলে। সেই পথটোৰে কিছুদূৰ গৈয়েই তেওঁ উপস্থিত হৈছিল এটি উপত্যকাত। তাৰ পৰা অলপ চকু ফুৰালেই দেখা গৈছিল এখন নৈ।’-গোলাম নবীয়ে কয়।

গোলাম নবী গালৱানে আৰু কয়, ‘তেওঁ পুনৰ দলটোৰ ওচৰলৈ উভতি আহিছিল আৰু পথটোৰ বিষয়ে জনাইছিল। তাৰ পিছত সকলোৱে সেই পথটোৰে বাট বুলিছিল। ইয়াৰ পিছতে ব্ৰিটিছ পৰ্বতাৰোহী দলটোৱে নৈখনৰ নাম ৰাখিছিল ‘গালৱান নালা’। পিছলৈ নৈখন গালৱান নৈ আৰু উপত্যকাটো গালৱান উপত্যকা হিচাপে জনাজাত হৈ পৰে।’

গালৱানৰ নাতি গোলাম নবী গালৱানে স্পষ্ট কৰি দিয়ে যে যিটো উপত্যকাৰ নাম তেওঁৰ ককাদেউতাকৰ নামেৰে ৰখা হৈছে সেই উপত্যকা কোনো কাৰণতে চীনৰ অংশ হ’ব নোৱাৰে। গালৱান পৰিয়ালৰ হাতত থকা ব্ৰিটিছৰ দিনৰ বহু নথি-পত্ৰ ভাৰতে এতিয়া এই সংঘাতৰ প্ৰত্যুত্তৰ হিচাপে ব্যৱহাৰ কৰাৰো সম্ভাৱনা আছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে