বজালীঃ কামৰূপ গ্ৰাম্য আৰু বৰপেটা জিলাৰ মাজেৰে পাৰ হৈ অহা ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক খাম খেয়ালীৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ২০০৫ চনতে নিবিদা লাভ কৰা কেএমচি নামৰ পথ নিৰ্মাণকাৰী সংস্থাটোৱে ২০০৮ চনতে পথটোৰ নিৰ্মাণকাৰ্য সমাপ্ত কৰিব লাগিছিল যদিও আজিলৈ নিৰ্মাণ কাৰ্য সমাপ্ত কৰিব নোৱাৰিলে৷
কেএমচি-এ পথ নিৰ্মাণৰ নামত খলা-বমা কৰি থোৱাত নিত্য পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে৷ ইতিমধ্যে শতাধিক লোকৰ প্ৰাণ হৈছে দুৰ্ঘটনাত পতিত হৈ৷ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ তথা চৰকাৰক পথ নিৰ্মাণৰ তদাৰক কৰাৰ লগতে কেএমচিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও কোনোদিনে গুৰুত্ব প্ৰদান নকৰিলে৷ আনহাতে ভয়াবহ বানাপীনৰ সৃষ্টিত কেএমচিক জগৰীয়া কৰি আহিছে ৰাইজে৷
তাৰ মাজতে বৰপেটা জিলা পৰিবহন বিষয়া ঘাইপথ পৰিদৰ্শন কৰে শুকুৰবাৰে৷ পথ নিৰ্মাতা কোম্পানী KMCক সকীয়নি প্ৰদান কৰা দুমাহৰ ভিতৰত পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰিলে জেললৈ প্ৰেৰণ কৰাৰ ভাবুকি প্ৰদান কৰে জিলা পৰিবহন বিষয়াই৷ KMCৰ কামৰ দুৰ্নীতিৰ বাবেই বৰপেটা জিলাতে সংঘটিত হৈ আছে সৰ্বাধিক পথ দুৰ্ঘটনা৷ মূলত KMC নামৰ কোম্পানীটোৰ দুৰ্নীতিৰ বাবেই এনে কাণ্ড সংঘটিত হৈছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে৷
বিশেষকৈ ২০০৫ চনত নিৰ্মাণ কৰি ২০০৮ চনত ২৬৭ কোটি টকা ব্যয় সাপেক্ষ ঘাইপথ নিৰ্মাণ কৰিব লাগিছিল যদিও ২০২০চনতো সম্পন্ন হোৱা নাই নিৰ্মাণৰ কাম৷ বৰপেটা জিলা পৰিবহন বিষয়া হিমাংশু দাসৰ নেতৃত্বত দণ্ডাধীশসহ এটা সজাতি দলে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন ডিভাইডাৰ অংশ প্ৰত্যক্ষ কৰি KMCক ২ মাহৰ ভিতৰত ডিভাইডাৰসহ সকলো কাম সম্পন্ন কৰিবলৈ সকীয়নি প্ৰদান কৰে৷ অন্যথাই আইনগত ব্যৱস্থা লৈ জেললৈ প্ৰেৰণ কৰিব বুলি সকিয়াই দিয়ে কেএমচিক৷