নিৰ্বাচনত পৰাজিত হোৱাৰ পিছতে পূৰ্বৰ সভাপতিক বৰ্খাস্ত কৰাৰ পিছতে সৰ্বভাৰতীয় কংগ্ৰেছে আজি মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি নিয়োগ কৰিছে৷ কেইশাম মেঘাচন্দ্ৰ সিঙক মণিপুৰ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিছে কংগ্ৰেছে৷ আনহাতে মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি, কোষাধ্যক্ষ, উপ-সভাপতি নিযুক্ত কৰে৷ তাৎক্ষণিক ভাৱে মণিপুৰ কংগ্ৰেছৰ কাৰ্যকৰী সমিতি গঠনৰ প্ৰস্তাৱত অনুমোদন জনায়। কেইশম মেঘাচন্দ্ৰ সিঙক মণিপুৰ কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি দিয়া হয়।