January 30, 2023, 7:40 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা ওড়িশাৰ স্বাস্থ্যমন্ত্ৰীলৈ আৰক্ষীৰ গুলী বাঢ়িয়েই আছেঃ ফেব্ৰুৱাৰীৰ পৰা আকৌ বাঢ়িব বিদ্যুৎ মাচুল ৩৭ খন পতাকা উত্তোলনেৰে আৰম্ভ হ’ল সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ ৰাজ্যিক অধিবেশন কটন বিশ্ববিদ্যালয়ত ড০ সূৰ্য কুমাৰ ভূঞাৰ জন্মদিৱস উদযাপন

কাজিৰঙাত এনিমেল ক’ৰিডৰৰ নামত চলোৱা উচ্ছেদ অভিযানৰ প্ৰতিবাদ গ্ৰামীণ শ্ৰমিক সন্থাৰ

Reporter Name
  • Update Time : Tuesday, February 22, 2022
  • 130 Time View

জয়ন্ত মুদৈ, বেবেজীয়াঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বৰ্ধিত এনিমেল ক’ৰিডৰৰ নামত চলোৱা উচ্ছেদ কাৰ্য্যক তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাই৷ এক বিবৃতিৰ দ্বাৰা সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি শুভ্রজ্যোতি বর্দ্ধন আৰু সাধাৰণ সম্পাদক অৰূপ কুমাৰ মহন্তই এই কথা ব্যক্ত কৰাৰ লগতে তাৎক্ষণিক ভাৱে এই উচ্ছেদ বন্ধ কৰিবলৈ দাবী জনাইছে। বিবৃতিত উন্নয়নৰ অর্থ কৃষকৰ পৰা মাটি কাঢ়ি লোৱা আৰু বৃহৎ দেশী-বিদেশী কোম্পানী তথা ব্যৱসায়ীক ভূমি আবণ্টন দিয়াটো নুবুজায় বুলি উল্লেখ কৰি নেতৃদ্বয়ে কয় যে যি সময়ত ৰাজ্যৰ কৃষকসকলে ভূমিৰ পট্টাৰ দাবী উত্থাপন কৰি আহিছে সেই সময়ত উচ্ছেদ দৰাচলতে কৃষি আৰু কৃষক বিৰোধী নীতিহে। আচলতে বান-গৰাখহনীয়াৰ স্থায়ী সমাধানৰ কোনো ব্যৱস্থা কৰিব নোৱাৰা আৰু গৰাখহনীয়াই সর্বস্বান্ত কৰা পৰিয়াল সমূহক ভূমি প্ৰদান কৰিব নোৱাৰাৰ বিপৰীতে মুখ্যমন্ত্ৰী পৰিয়ালৰ ২৯ বিঘা চৰকাৰী মাটিৰ দখলৰ কেলেংকাৰী, গুৱাহাটীৰ মাজমজিয়াত ৫৮ বিঘা মাটি ডাঙৰ ব্যৱসায়ীক লিজত দিয়া, কেন্দ্ৰৰ বিজেপি চৰকাৰে গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ হাজাৰ হাজাৰ বিঘা মাটি আদানিক গতাই দিয়া, কাগজ কলৰ শ শ বিঘা মাটি নীলামৰ বাবে তৎপৰ হোৱা কাৰ্যই বৰ্তমান কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আচল স্বৰূপহে ওলাই পৰিছে৷ ইফালে, বিবৃতিটোৰ জৰিয়তে শ্ৰমিক নেতাদ্বয়ে পট্টা আৰু ভূমিৰ দাবীত উচ্ছেদৰ বিৰুদ্ধে সৰ্বস্তৰৰ ৰাইজ আৰু গণতান্ত্ৰিক দল সংগঠনক ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদ আৰু প্রতিৰোধ গঢ়ি তুলিবলৈ আহ্বান জনাইছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে