ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ বিখ্যাত চহৰ যোশীমঠ অবিৰতভাৱে ডুব গৈ আছে, যাৰ বাবে চহৰখনৰ প্ৰায়বোৰ ঘৰ আৰু অট্টালিকাতে ফাট মেলিছে। এনে পৰিস্থিতিত এতিয়া ফাট মেলা অট্টালিকা আৰু ঘৰবোৰ ভাঙি পেলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। শেহতীয়া তথ্য অনুসৰি উত্তৰাখণ্ডৰ ডুব যোৱা যোশীমঠত যিবোৰ অট্টালিকা ফাট মেলি বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে, সেইবোৰ আজিৰে পৰা ভাঙি পেলোৱা হ’ব বুলি বিষয়াসকলে জনাইছে। যোশীমঠক তিনিটা জ’নত ভাগ কৰা হৈছে, ‘বিপদ’, ‘বাফাৰ’ আৰু ‘সম্পূৰ্ণ নিৰাপদ’।
বিষয়াসকলে জনোৱা মতে, যোশীমঠৰ ৬০০ৰো অধিক অট্টালিকাত ফাট মেলিছে। যিবোৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে সেইবোৰ ভাঙি পেলোৱা হ’ব। যোশীমঠ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত নিৰ্মাণ কাৰ্যত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। গৃহ মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ মাধ্যমক জনোৱা মতে, প্ৰায় ৪ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। “যোশীমঠৰ ৩০ শতাংশই যেন প্ৰভাৱিত হৈছে। এখন বিশেষজ্ঞ সমিতিৰ দ্বাৰা প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দাখিল কৰা হ’ব।”
হোটেলসমূহ ভাঙি পেলাবলৈ ৰুৰকিৰ পৰা বিশেষজ্ঞৰ এটা দল মাতি অনা হৈছে। এই হোটেলসমূহ হাউলি অহাৰ ফলত বহু স্থানীয় লোকৰ প্ৰতি ভাবুকি আহিছিল, সেয়েহে চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছিল। আজি সম্পূৰ্ণ হ’ব ভাঙি পেলোৱাৰ প্ৰক্ৰিয়া। ইতিমধ্যে ঘটনাস্থলীত এছডিআৰএফ আৰু আৰক্ষীৰ দল উপস্থিত হৈছে। অহা-যোৱাৰ বাবে পথ বন্ধ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ সমান্তৰালকৈ নিৰাপত্তাৰ দৃষ্টিকোণৰ পৰাও আশে-পাশে থকা অঞ্চলৰ পৰা যান-বাহন আঁতৰোৱা হৈছে।
এছডিআৰএফে জনোৱা মতে, ফ্ল’ৰ ৱাইজ হোটেলখন ভাঙি পেলোৱা হ’ব। সূত্ৰ অনুসৰি এই সমগ্ৰ কাম যোশীমঠ আৰক্ষী, এছ ডি আৰ এফ, চেণ্ট্ৰেল বিল্ডিং ৰিচাৰ্চ ইনষ্টিটিউট ৰূৰকী দল, এন ডি আৰ এফৰ ষ্টেণ্ডবাই দল, পি ডব্লিউ ডি দলৰ তত্বাৱধানত কৰা হ’ব। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সকলোকে এটা দল হিচাপে কাম কৰি চহৰখন বচাবলৈ আহ্বান জনাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও ৰাজ্য চৰকাৰক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে।
ধ্বংসস্তুপত পৰিণত যোশীমঠৰ ভূমিৰ মূল্যায়ন কৰা বিশেষজ্ঞ পেনেলে ক্ষতিগ্ৰস্ত ঘৰবোৰ ভাঙি পেলোৱাৰ পৰামৰ্শ দিছিল। চেণ্ট্ৰেল বিল্ডিং ৰিচাৰ্চ ইনষ্টিটিউটৰ (চিবিআৰআই)ৰ এটা দলৰ তত্বাৱধানত এই ভাঙি পেলোৱাৰ লগতে তেওঁলোকক সহায় কৰিবলৈ ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীক মাতি অনা হৈছে। বিষয়াসকলে কয় যে, “যোশীমঠত আক্ৰান্ত লোকসকলৰ বাবে ব্যৱস্থা কৰা সাহায্য শিবিৰসমূহৰ মৌলিক সা-সুবিধাসমূহ প্ৰশাসনে অহৰহ নিৰীক্ষণ কৰি আছে আৰু ক্ষতিগ্ৰস্ত লোকসকলক সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে।”
যোশিমাথ প্ৰধান তীৰ্থস্থানৰ প্ৰৱেশদ্বাৰো। বিশেষজ্ঞসকলে জলবিদ্যুৎ প্ৰকল্পকে ধৰি অপৰিকল্পিত আন্তঃগাঁথনি উন্নয়নক এই ভয়ংকৰ পৰিস্থিতিৰ বাবে জগৰীয়া কৰিছে। যদিও বহু লোকে এন টি পি চিৰ জলবিদ্যুৎ প্ৰকল্পক ইয়াৰ কাৰণ হিচাপে বিবেচনা কৰিছে। এন টি পি চি প্ৰকল্পৰ সুৰংগত বিস্ফোৰণৰ প্ৰভাৱৰ বিষয়ে সকীয়াই দি যোৱা মাহত তিনিবাৰকৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিছিল যোশীমঠৰ ৰাইজে। অৱশ্যে এনটিপিচিয়ে নিজৰ প্ৰকল্প আৰু যোশীমঠৰ পৰিস্থিতিৰ মাজত কোনো সম্পৰ্ক থকা বুলি অস্বীকাৰ কৰিছে।