March 16, 2023, 2:59 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

JNUত পুনৰ লংকাকাণ্ড, ৰাম নৱমীত কেণ্টিনত আমিষ খাদ্য বন্ধ কৰাৰ নামত দুটা গোটৰ সংঘাত

Reporter Name
  • Update Time : Sunday, April 10, 2022
  • 172 Time View

ৰাম নৱমী উপলক্ষে হোষ্টেলৰ কেণ্টিনত আমিষ খাদ্য বাৰণ অভিযোগত দেওবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় চমুকৈ জেএনইউ চৌহদত ছাত্ৰ-ছাত্ৰীৰ দুটা গোটৰ মাজত সংঘৰ্ষ লগাত কেইবাগৰাকী ছাত্ৰ আহত হয়। জেএনইউৰ কাবেৰী হোষ্টেলত আবেলি ৩.৩০ বজাত সংঘাত সংঘটিত হৈছে। জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই অভিযোগ কৰি কয় যে বিজেপিৰ ভাতৃ সংগঠন অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ (এবিভিপি) সদস্যই মেছ সচিবক আক্ৰমণ কৰে আৰু কৰ্মচাৰীসকলক হোষ্টেলত আমিষ খাদ্য খোৱাত বাধা দিয়ে।

ইপিনে বিজেপিৰ ছাত্ৰ শাখা এবিভিপিয়ে দাবী কৰি যে বাওঁপন্থী সংগঠনসমূহৰ সদস্যসকলে হোষ্টেলত পূজা অনুষ্ঠিত কৰাত বাধা দিবলৈ চেষ্টা কৰিছিল। দুয়োপক্ষই শিল নিক্ষেপ কৰাত বহু ছাত্ৰ আঘাত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰক্ষী চৌহদত মোতায়েন কৰা হৈছে।

দক্ষিণ-পশ্চিম দিল্লীৰ আৰক্ষী উপায়ুক্ত মনোজ চিয়ে কয় যে এতিয়ালৈকে কোনো হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই। প্ৰতিবাদ হৈছিল যিটো সমাপ্ত হৈছে। আৰক্ষীৰ দলৰ সৈতে ইয়াত আমি আছো। বিশ্ববিদ্যালয়ৰ অনুৰোধত আমি ইয়ালৈ আহিছো। আমি শান্তি বজাই ৰাখিবলৈ চেষ্টা কৰি আছো।

ছাত্ৰ একতা সভাই এঅভিযোগ কৰিছে যে এবিভিপিয়ে হুলস্থুল সৃষ্টি কৰিব প্ৰহাৰ কৰাৰ লগতে গুণ্ডামিত লিপ্ত হয়। এক বিবৃতিত ছাত্ৰ একতা সভাই কয় যে সকলো শিক্ষাৰ্থীৰ বাবে ৰাতিৰ আহাৰৰ মেনু সলনি কৰাৰ বাবে সাধাৰণ নন-ভেজ খাদ্য আঁতৰোৱাৰ বাবে মেছ সমিতিক আক্ৰমণ কৰা হৈছিল। জেএনইউৰ হোষ্টেলবোৰ সকলো শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে ই কেৱল এটা নিৰ্দিষ্ট শ্ৰেণীৰ বাবে নহয়।

কিন্তু অভিযোগ এবিভিপিয়ে অস্বীকাৰ কৰিছে। ৰাম নৱমীৰ পৱিত্ৰ উপলক্ষে কিছুমান শিক্ষাৰ্থীয়ে আবেলি ৩.৩০ বজাত কাৱেৰী হোষ্টেলত পূজা আৰু হৱন কাৰ্যসূচীৰ আয়োজন কৰিছিল। জেএনইউৰ বহু সংখ্যক সাধাৰণ শিক্ষাৰ্থীয়ে পূজাত উপস্থিত আছিল। যাৰ পিছতে বাওঁপন্থী ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিবাদ কৰিবলৈ আহে আৰু পূজাত বাধা দিয়ে। তেওঁলোকে খাদ্যৰ অধিকাৰ নন-ভেজ খাদ্যৰ বিষয়ত এক মিছা হুলস্থূল সৃষ্টি কৰা হৈছে বুলি কয় এবিভিপিয়ে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে