ডিজিটেল ডেস্কঃ গণৰাজ্য দিৱসৰ পূৰ্বে মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনায় জেহাদীৰ ভাবুকি পত্ৰ৷ বৰপেটাৰ বহৰিৰ বুনাগোঁসাই থানত উদ্ধাৰ হৈছে ভাবুকি পত্ৰ৷ মন্দিৰৰ চৌহদত উদ্ধাৰ কৰা হৈছে কেইবাখনো ভাবুকি পত্ৰ৷ বান্দালী জানৰ পাৰ জেহাদী ক্লাবৰ নামত প্ৰেৰণ কৰা হৈছে এই ভাবুকি পত্ৰ৷ ৷ তাৰাবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছে পত্ৰখন৷
উল্লেখ্য যে ভাবুকি পত্ৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায় বান্দালী ৰিজাৰ্ভত উচ্ছেদ চলাবলৈ কৈছে৷ দম আছে যদি বান্দালী ৰিজাৰ্ভত উচ্ছেদ কৰি দেখুওৱাক বুলি উল্লেখ কৰা হৈছে পত্ৰত৷ লগতে ভাগৱত মন্দিৰত গৰু কুৰবাণীৰো ভাবুকি দিয়া হৈছে৷ ইফালে জেহাদীৰ ভাবুকি পত্ৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে এই বিষয়ত মই খবৰ ৰখা নাই৷ সমগ্ৰ ঘটনাৰ তদন্ত কৰিব আৰক্ষীয়ে৷