March 30, 2023, 4:09 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

JEE, NEET পৰীক্ষা অনুষ্ঠিত কৰাৰ আহ্বান জনাই দেশ-বিদেশৰ ১৫০ গৰাকী শিক্ষাবিদৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ

Reporter Name
  • Update Time : Thursday, August 27, 2020
  • 150 Time View

ডিজিটেল ডেস্কঃ কোভিড-১৯ স্থিতিৰ পৰিপ্ৰেক্ষিতত স্থগিত হৈ থকা নীট আৰু জেইই পৰীক্ষা অনুষ্ঠিত কৰাৰ অৰ্থে ভাৰত আৰু বিদেশৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ ১৫০ গৰাকী শিক্ষাবিদে প্ৰধানমন্ত্ৰী মোডীলৈ পত্ৰ লিখিছে। শিক্ষাবিদ সকলে পত্ৰত নীট আৰু জেইই পৰীক্ষা অনুষ্ঠিত কৰিবলৈ আহ্বান জনাই লিখিছে যে এই পৰীক্ষা অনুষ্ঠিত কৰাত আৰু পলম হ’লে ছাত্ৰসকলৰ ভৱিষ্যতত ইয়াৰ বেয়া প্ৰভাৱ পৰিব। লগতে একাংশ লোকে নিজৰ ৰাজনৈতিক স্বাৰ্থত নীট, জেইই পৰীক্ষা পিছুৱাই ছাত্ৰসকলৰ ভৱিষ্যতৰ সৈতে খেল খেলাৰ চেষ্টা কৰিছে বুলিও পত্ৰত অভিযোগ কৰে শিক্ষাবিদসকলে।

প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰত শিক্ষাবিদসকলে কৈছে, ‘যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থীসকল দেশৰ ভৱিষ্যত। কিন্তু কোভিড-১৯ মহামাৰীৰ বাবে এতিয়া তেওঁলোকৰ কেৰিয়াৰ অনিশ্চয়তাৰ ক’লা ডাৱৰে ঘেৰি ধৰিছে। প্ৰৱেশ আৰু শ্ৰেণীকোঠাক লৈ বহু আশংকা আছে ঠিকেই, কিন্তু তাৰ অতি সোনকালে সমাধান কৰাটো অতি আৱশ্যক হৈ পৰিছে।’

পত্ৰত পুনৰ লিখা হৈছে, ‘চৰকাৰে জেইই আৰু নীট পৰীক্ষাৰ তাৰিখ ঘোষণা কৰিছে… পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত কোনো প্ৰকাৰে বিলম্ব হ’লে ছাত্ৰসকলৰ এটা মূল্যবাদ বছৰ নষ্ট হৈ যাব। আমাৰ যুৱ প্ৰজন্ম আৰু ছাত্ৰসকলৰ সপোন আৰু ভৱিষ্যতক কোনো মূল্যৰ বিনিময়তে ধ্বংস হ’বলৈ দিব নোৱাৰি।’

উল্লেখ্য যে, প্ৰধানমন্ত্ৰীলৈ লিখা শিক্ষাবিদৰ পত্ৰখনত দিল্লী বিশ্ববিদ্যালয়, লক্ষ্ণৌ বিশ্ববিদ্যালয়, জেএনইউ, বিএছইউ, আইআইটি দিল্লী, লণ্ডন বিশ্ববিদ্যালয়, কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়কে ধৰি কেইবাখনো বিশ্ববিদ্যালয়ৰ শিক্ষাবিদে হস্তাক্ষৰ কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে