March 29, 2023, 3:59 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ISISৰ সন্ত্ৰাসবাদী জালত পৰাৰ পিছতে দিল্লীত অত্যাধুনিক মেচিনেৰে অভিযান এনএছজিৰ

Reporter Name
  • Update Time : Saturday, August 22, 2020
  • 104 Time View

ডিজিটেল ডেস্কঃ ৰাজধানী দিল্লীৰ ৰিজ ৰোড এলেকাত কুখ্যাত সন্ত্ৰাসবাদী সংগঠন আইএছআইএছৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত এজন লোকক নিৰাপত্তাৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷

উক্ত লোকজনে বিস্ফোৰকসহ গ্ৰেপ্তাৰ কৰা বুলি খবৰ প্ৰচাৰ হোৱাৰ পিছতে দিল্লীত উত্তেজনা বিয়পিছে৷ লোকজনক জালত পেলোৱাৰ পিছতে তদন্তকাৰী দলে ব্যাপক হাৰত দেশৰ বিভিন্ন এলেকাত অভিযান আৰম্ভ কৰিছে৷

দিল্লীৰো বিভিন্ন এলেকাত অভিযান আৰম্ভ কৰিছে তদন্তকাৰী সংস্থাই৷ ৰাষ্ট্ৰীয় সুৰক্ষা বাহিনীৰ এটা দলে দিল্লীৰ বুদ্ধ জয়ন্তী পাৰ্কত অত্যাধুনিক সজুলিসহ অভিযান চলাই থকা পৰিলক্ষিত হৈছে৷ অভিযানকাৰী গোটে এটা অত্যাধুনিক মেচিন ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে৷ এই মেচিন এতিয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ কেইবাটাও সংবাদ প্ৰতিষ্ঠানে এই মেচিন সন্দৰ্ভত সংবাদ প্ৰকাশ কৰিছে৷

সন্ত্ৰাসবাদীৰ পৰা নিৰাপত্তাৰক্ষীয়ে দুটা প্ৰেচাৰ কুকাৰ, ২ আইডি, ১৫ কিলো বিস্ফোৰক উদ্ধাৰ কৰিছে৷ আশংকা কৰা মতে, সন্ত্ৰাসবাদীৰ দলে বৃহৎ কাণ্ড সংঘটিত কৰিবলৈ যোজা চলাই আছিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে