পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে দেওবাৰে পশ্চিমীয়া দেশসমূহক লৈ সৰৱ হৈ পৰে৷ ইছলামাবাদৰ ২২ জন পশ্চিমীয়া ৰাষ্ট্ৰদূতে লিখা এখন পত্ৰক লৈ সৰৱ হৈ পৰে৷ এই পত্ৰৰ কথা উল্লেখ কৰি কয় যে যোৱা সপ্তাহত ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিবলৈ পাকিস্তানক আহ্বান জনাই। দেওবাৰে পাক প্ৰধানমন্ত্ৰীয়ে পশ্চিমীয়া কূটনীতিবিদক বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰশ্ন কৰে আৰু পাকিস্তান আপোনালোকৰ ‘দাস’ নেকি বুলি উভতি ধৰে।
ইউৰোপীয় ইউনিয়নৰ সদস্য ৰাষ্ট্ৰসমূহকে ধৰি ২২ টা কূটনৈতিক মুৰব্বীয়ে ১ মাৰ্চত এক যুটীয়া পত্ৰ জাৰি কৰি পাকিস্তানক ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত এক প্ৰস্তাৱ সমৰ্থন কৰিবলৈ আহ্বান জনায়। পত্ৰখন কূটনীতিবিদসকলে ৰাজহুৱাভাৱে মুকলি কৰিছিল। সাধাৰণতে এনে ধৰণৰ ঘটনা খুব কম দেখা যায়।
দেওবাৰে এক ৰাজনৈতিক সভা সম্বোধন কৰি পাক প্ৰধানমন্ত্ৰীয়ে কয় যে আপুনি আমাৰ বিষয়ে কি ভাবে? আমি আপোনালোকৰ দাস নেকি৷ যি কয় আমি সেয়া কৰিম?
এই ক্ষেত্ৰত, যেতিয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভোটদান হৈছিল, পশ্চিমীয়া দেশসমূহৰ পৰম্পৰাগত সহযোগী পাকিস্তানে ভোটত অংশগ্ৰহণ কৰাৰ পৰা বিৰত আছিল। সাধাৰণ সভাৰ বেছিভাগ দেশে ৰাছিয়াৰ এই পদক্ষেপক সমালোচনা কৰে৷ ইউক্ৰেইনৰ ওপৰত আক্ৰমণক ন্যায় সঙ্গত কৰে।
ভাষণত খানে পশ্চিমীয়া দেশসমূহৰ কূটনীতিবিদসকলক সুধিছিল যে আপুনি ভাৰতলৈ একে ধৰণৰ পত্ৰ লিখিছে নেকি। ভাৰতেও ৰাষ্ট্ৰসংঘত বিষয়টোত ভোটদানত অংশগ্ৰহণ কৰা নাছিল। ইমৰান খানে কয় যে পাকিস্তানে ইউক্ৰেইনৰ কাৰণে ক্ষতিগ্ৰস্ত হৈছে, কিয়নো আফগানিস্তানত নাটো মিত্ৰতাক সমৰ্থন কৰিছিল। খানে কয় যে পাকিস্তান কোনো গোটৰ অংশ নহয়।