ডিজিটেল ডেস্কঃ ইণ্ডিয়ান ইনষ্টিটিউট অৱ প্লানিং মেনেজমেণ্ট চমুকৈ IIPMৰ সঞ্চালক অৰিন্দম চোধুৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ পৰিসেৱা কৰ চুৰি কৰাৰ অভিযোগত চৌধুৰীক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে৷
UGC-এ অভিযোগ দাখিল কৰাৰ পিছতে কেন্দ্ৰীয় জিএছটি বিভাগৰ বিষয়াই চৌধুৰীক গ্ৰেপ্তাৰ কৰে৷ ইয়াৰ পূৰ্বেও মাৰ্চ মাহত চৌধুৰীক গ্ৰেপ্তাৰ কৰা হৈছিল৷ UGC-এ কেন্দ্ৰীয় জিএছটি কৰ্তৃপক্ষক আইআইপিএম আৰু অৰিন্দম চৌধুৰীয়ে পৰিসেৱা কৰ চুৰি কৰা বুলি অভিযোগ দাখিল কৰিছিল৷
তাৰ পিছতে অৰিন্দম চৌধুৰীক তদন্তৰ খাতিৰত গ্ৰেপ্তাৰ কৰা হয়৷ অভিযোগ মতে, চৌধুৰীয়ে বেলেন্স ছিটত তথ্যৰ ৰদ-বদল কৰিছিল৷