মেঘালয়ৰ কনৰাড চাংমাৰ চৰকাৰক প্ৰত্যাহ্বান জনাই দেশৰ শীৰ্ষ আদালয়ৰ কাষ চাপিছে গুৱাহাটীৰ এগৰাকী ব্যৱসায়ীয়ে৷ গুৱাহাটীৰ যুৱ ব্যৱসায়ীয়ে চুবুৰীয়া ৰাজ্য মেঘালয়ত এগৰাকী পূৰ্ণ-স্থায়ী আৰক্ষী সঞ্চালক প্ৰধান চমুকৈ ডিজিপি নিযুক্তি দিয়াৰ দাবী জনাই দেশৰ শীৰ্ষ আদালতৰ মুখ্য ন্যায়াধীশ এন.ভি ৰমনাক পত্ৰ প্ৰদান কৰিছে। মেঘালয় চৰকাৰে নতুন ডিজিপি নিযুক্তি দিয়াত পলম কৰাৰ ফলতে প্ৰায়ে সামাজিত মাধ্যমত চৰ্চাত তথা গুৱাহাটীৰ ব্যৱসায়ী তথা ঔষধ নিৰ্মাতা কোম্পানীৰ স্বত্বাধিকাৰী লুইত কুমাৰ বৰ্মনে মুখ্য ন্যায়াধীশ এন.ভি ৰমনাক পত্ৰ প্ৰদান কৰে৷ মেঘালয় চৰকাৰে ২০১৮ চনৰ ৩ জুলাইত ৰাজ্যখনৰ নিয়মীয়া আৰক্ষী সঞ্চালক প্ৰধান নিযুক্তি সন্দৰ্ভত ১৯৯৬ চনৰ ৩১০নং ৰিট আবেদনৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা স্পষ্টভাৱে উলংঘা কৰিছে বুলি উল্লেখ কৰি গুৱাহাটীৰ ব্যৱসায়ী মুখ্য ন্যায়াধীশলৈ ই-মেইল যোগে পত্ৰ প্ৰদান কৰে৷ পত্ৰখনৰ প্ৰতিলিপি মেঘালয় উচ্চ ন্যায়ালয় আৰু গৌহাটি উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশকো প্ৰদান কৰে৷
মেঘালয়ৰ অন্তিম আৰক্ষী সঞ্চালক প্ৰধান আছিল আৰ চন্দ্ৰনাথন৷ আৰ চন্দ্ৰনাথন ২০২১ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰে। চলিত বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ৰাজ্যখনৰ অন্তিম আৰক্ষী সঞ্চালক প্ৰধানে অৱসৰ গ্ৰহণ কৰাৰ পিছতে কেন্দ্ৰীয় লোকসেৱা আয়োগে ১০ ফেব্ৰুৱাৰীত অসম-মেঘালয় কেডাৰ ভাৰতীয় আৰক্ষী সেৱাৰ তিনি বিষয়াৰ পেনেল চূড়ান্ত কৰাৰ পিছতো চৰকাৰে অস্থায়ীভাৱে পদত এগৰাকী বিষয়াক কাৰ্যনিৰ্বাহ কৰিবলৈ বাধ্য কৰিছে৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি পেনেল অনুসৰি জ্যেষ্ঠতাৰ ভিত্তিক আধাৰ কৰি প্ৰস্তুত কৰা বিষয়াক এই দায়িত্ব দিব লাগে। কিন্তু তেনে কৰা হোৱা নাই৷ ১৯৯২ চনৰ বেচৰ আইপিএছ ইদাশিশা নংৰাঙে ১ জানুৱাৰীত বিশেষ ডিজিপি হিচাপে দায়িত্ব গ্ৰহণ কৰে আৰু কেন্দ্ৰীয় লোক সেৱা আয়োগে পূৰ্ণ-পৰ্যায়ৰ ডিজিপি নিযুক্তিৰ পৰামৰ্শ দিয়া স্বত্বেও ভাৰপ্ৰাপ্ত আৰক্ষীৰ মুৰব্বী হৈ আছে। ৯ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় লোক সেৱা আয়োগে অসম চৰকাৰৰ সৈতে সেৱা আগবঢ়োৱা তিনিজন জ্যেষ্ঠ অসম-মেঘালয় কেডাৰৰ আইপিএছ বিষয়াৰ নাম পৰামৰ্শ দিছিল৷ ১৯৮৯ বেচৰ আইপিএছ বিষয়া মুকেশ আগৰৱাল, কে.ভি সিং দেও, ১৯৯১ বেচৰ এল ৰাম বিষ্ণইৰ নাম প্ৰেৰণ কৰিছিল যদিও সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ মুকেশ আগৰৱালাই মেঘালয়ত কামো কৰিছে৷
এয়া প্ৰথমবাৰৰ বাবে নহয় যে ব্যৱসায়ী লুইত কুমাৰ বৰ্মনে জনস্বাৰ্থ জড়িত বিষয়ত মাত মাতিছে। চৰকাৰৰ জন বিৰোধী কাম-কাজৰ বিৰুদ্ধে মাত মাতি থকা পৰিলক্ষিত হয়৷ ২০১৯ চনত ‘কা’ বিৰোধী আন্দোলনে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ সময়তে অসম চৰকাৰে ইণ্টাৰনেট সেৱা কৰ্তন কৰি ৰখাত বৰ্মনে গৌহাটি উচ্চ ন্যায়ালয়ৰ কাষ চপাত আদালতৰ নিৰ্দেশৰ পিছতে চৰকাৰে ইণ্টাৰনেট সেৱা বাহাল কৰিবলৈ বাধ্য হয়৷