ডিজিটেল ডেস্কঃ ২৮ বছৰ বয়সতে অভিনেতা কিশোৰ দাস আক্ৰান্ত হৈছে দুৰাৰোগ্য কৰ্কট ৰোগত। অতি কম সময়ৰ ভিতৰতে নিজৰ প্ৰতিভাৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন কৰা প্ৰতিভাৱান এই যুৱ অভিনেতা জন বৰ্তমান গুৱাহাটী হেল্ট চিটী হাস্পাতালাত চিকিৎসাধীন হৈ আছে যদিও অভিনেতাগৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজন বহু বহু অৰ্থৰ। সেয়ে প্ৰতিভাৱান এইগৰাকী অভিনেতাৰ চিকিৎসাৰ বাবে অসমৰ ৰাইজক সহায়ৰ আহ্বান জনাইছে তেওঁৰ শুভাকাংক্ষী বন্ধু-বান্ধৱীৰ লগতে সহ অভিনেতা-অভিনেত্ৰীসকলে। ফ্লিম ফেটাৰনিটী অফ আছাম নামৰ সংস্থাটিয়েও অভিনেতাগৰাকীক সহায়ৰ বাবে আহ্বান জনোৱাৰ লগতে বেংক একাউণ্ট নম্বৰৰ দিছে। বেংক একাউণ্ট নম্বৰটো হৈছে AC No-20193864335, IFSC-SBIN0005242 লগতে Google pay নম্বৰো দিয়া হৈছে, Google pay নম্বৰটো হ’ল 8751091723৷