সৰুপথাৰৰ প্ৰাক্তন বিধায়ক বিনোদ গোৱালাই বিগত কেইবাটাও দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে৷ বিগত প্ৰায় ৪ মাহ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ গোলাঘাটত চিকিৎসা গ্ৰহণ কৰি থকা জ্যেষ্ঠ অগপ নেতাগৰাকীক উন্নত চিকিৎসাৰ বাবে পৰিয়ালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আনে৷ কেইবাটাও দিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা গ্ৰহণ কৰি আছে যদিও সুস্থ হৈ উঠা নাই প্ৰাক্তন বিধায়কগৰাকী৷ আজি অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বিনোদ গোৱালাৰ স্বাস্থ্য বুজ লয়৷ জিএমচিএইচত চিকিৎসাধীন প্ৰাক্তন বিধায়ক গোৱালাৰ স্বাস্থ্যৰ বুজ লৈ আশু আৰোগ্য কামনা কৰি পত্নী-পৰিয়ালৰ সৈতে সৈতে কথা পাতে দুয়োগৰাকী নেতাই। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ সৈতে বাৰ্তালাপ কৰি চিকিৎসাৰ বাবে সকলো প্ৰকাৰৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিয়ে৷