May 25, 2022, 8:41 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি গোৱৰ্ধনা আৰক্ষী থানা এলেকাত অঘটনঃ মেচিনত সোমাই ২২ বছৰীয়া শ্ৰমিকৰ মৃত্যু শ্ৰীনগৰত আৰক্ষী জোৱান মালিক চাহিব সৌৰা আনচাৰক গুলীয়াই হত্যা, ৭ বছৰীয়া কন্যা আহত উপায়ুক্তৰ কাৰ্যালয়ৰ সমীপত অচিনাক্ত মৃতদেহ উদ্ধাৰ কামপুৰত পুনৰ বানত উটি গৈ শিশুৰ মৃত্যু তামিলনাডুত বিজেপি নেতাক গুলীয়াই হত্যা মৃত্যু আহে সংগোপনে, মঙলবাৰৰ পুৱাৰ দৌৰেই হৈ পৰিল শেষবাৰৰ দৌৰ… কোকৰাঝাৰত পুনৰাই নাৱালিকাক ধৰ্ষণঃ তিনি পাষণ্ড আফুৰউদ্দিন, মুস্তাফা, ছামেজউদ্দিন গ্ৰেপ্তাৰ বৰক্ষেত্ৰীৰ চৰাঞ্চল পৰিদৰ্শন কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মন ৰেকিবুদ্দিন আহমেদ, বসন্ত দাসৰ বিৰোধী একত্ৰিত হ’লে দখল কৰিব পাৰিব ৰাষ্ট্ৰপতিৰ আসনঃ নাড্ডাৰ ঘৰত বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক অসম আন্দোলনৰ সক্ৰিয় কৰ্মী-সমাজসেৱক থানেশ্বৰ বৰাৰ মৃত্যু, মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

অসমৰ চৰকাৰী কৰ্মচাৰীক ‘The Kashmir Files’ চাবলৈ আধাদিনৰ বিশেষ ছুটি মুখ্যমন্ত্ৰীৰ

Reporter Name
  • Update Time : Tuesday, March 15, 2022
  • 56 Time View

অসমত দ্য কাশ্মীৰ ফাইলছ ছবিখন কৰমুক্ত কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ সমানে চৰকাৰী কৰ্মচাৰীসকলে #TheKashmirFiles চাবলৈ আধা দিনৰ বিশেষ ছুটি দিয়াৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰী কয় যে ঘোষণা কৰি আনন্দিত যে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে #TheKashmirFiles চাবলৈ আধা দিনৰ বিশেষ ছুটি লাভ কৰিব। তেওঁলোকৰ নিজ নিজ বিভাগৰ পৰা অনুমতি ল’ব লাগিব আৰু ছবিখন চোৱাৰ পিছদিনা কৰ্তৃপক্ষৰ ওচৰত টিকট জমা দিব লাগিব। তাৰ লগে লগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইটোও স্পষ্ট কৰে যে অসমত কোনো মনোৰঞ্জন কৰ নাথিকব৷ মন্ত্ৰী ৰণজিৎ দাস আৰু আন আন কেইবাগৰাকী বিধায়কৰ সৈতে চিনেমাহলত কাশ্মীৰি পণ্ডিতৰ পলায়নৰ কাহিনীৰে নিৰ্মাণ কৰা ছবি দ্য কাশ্মীৰ ফাইলছ চালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছবি চোৱাৰ পিছতে কাশ্মীৰি পণ্ডিতৰ গণহত্যা আৰু তেওঁলোকৰ প্ৰস্থান কাহিনী মানৱতাৰ এক কলংক বুলি কয়। দুৰ্দশাৰ হৃদয় বিহ্বল চিত্ৰায়নৰ দ্বাৰা আপ্লুত হোৱা বুলি কয় মুখ্যমন্ত্ৰীয়ে৷ কেবিনেট সহকৰ্মী আৰু বিধায়কসকলৰ সৈতে ফিল্মখন চালে মুখ্যমন্ত্ৰীয়ে৷ মন্ত্ৰী-বিধায়কৰ সৈতে PVR, City Centreত চাই মুখ্যমন্ত্ৰীয়ে৷ কাশ্মীৰি পণ্ডিতৰ ওপৰ হোৱা অত্যাচাৰ আৰু পালয়ন বিষয়ক লৈ কৰা ছবিখনে ব্যাপক চৰ্চা লাভ কৰিছে৷ খ্ৰীষ্টানবস্তিৰ চিটি চেণ্টাৰত পি.ভি.আৰ চিনেমা হল নকৈ সাজু কৰা হৈছিল৷ সদৌ অসম চিনেমা হল মালিক সন্থাই চিনেমাখন কৰমুক্ত কৰিবলৈ দাবী জনাইছে। বহু ৰাজ্যত চিনেমাখনৰ আমোদকৰ প্ৰত্যাহাৰ কৰিছে। ৯০ৰ দশকত কাশ্মীৰী পণ্ডিতৰ ওপৰত চলোৱা হত্যালীলাৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই চিনেমাখন। বিবেক অগ্নিহোত্ৰীয়ে নিৰ্মাণ কৰা চলচিত্ৰখনত অভিনয় কৰিছে অনুপমখেৰ আৰু মিঠুন চক্ৰৱৰ্তীয়ে অভিনয় কৰিছে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে