শিৱসাগৰৰ ৰুদ্ৰসাগৰত ভয়ংকৰ পথ দুৰ্ঘটনাত বিজয় নাথ (২৩) নামৰ এজন যুৱকৰ মৃত্যু৷ শিৱসাগৰৰ পৰা গৌৰীসাগৰ সোণতলি চিগাৰ ঘৰলৈ পত্নী বুলি গগৈ নাথ আৰু ৩ বছৰীয়া সন্তানসহ মটৰ চাইকেলত গৈ থকা অৱস্থাতে সংঘটিত হয় পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই বিজয় নাথে৷ বিজয় নাথে পত্নী-সন্তানসহ AS-04-P-6054 নম্বৰৰ মটৰ চাইকেলৰে গৈ থকা অৱস্থাত বোকাময় পথত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত বাগৰি পৰাত আন এখন গাড়ীয়ে মহতিয়াই নিয়ে৷ ফলত বিজয় নাথৰ থিতাতে মৃত্যু হয়৷ লগতে পত্নী আৰু সন্তান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়৷ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে৷ অবৈধ খননৰ ফলত পথ দুৰ্ঘটনা সংগটিত হোৱাৰ অভিযোগ উঠিছে৷ ৰুদ্ৰসাগৰ অঞ্চলত অবৈধ মাটি খনন কৰি ডাম্পাৰৰে কঢ়িওৱাৰ ফলত ৰাজপথত সৰি পৰা মাটিয়ে পথ পিছল কৰাৰ ফলতেই প্ৰাণ হেৰুৱালে যুৱকজনে৷ মাটি কঢ়িওৱা বাহনৰ পৰা পৰি যোৱা মাটিৰে ভৰি আছিল সমগ্ৰ পথ চোৱা৷ যাৰ বাবে এজাক কিণকিণিয়া বৰষুণৰ ফলত বিপদসংকুল হৈ পৰে সমগ্ৰ পথচোৱা৷ শিৱসাগৰৰ বিভিন্ন অঞ্চলত অবৈধ খননত ব্যৱহৃত বাহনৰ ফলত বহু কেইটা পথ বোকাময় হৈ পৰিছে। এজাক বৰষুণতে ভয়ংকৰ ৰূপ লৈছে বাট-পথে।