উত্তৰপ্ৰদেশ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডৰ বিজেপিয়ে চৰকাৰ গঠন কৰাটো ঠিৰাং হোৱাৰ পিছতে বিজেপিৰ প্ৰভাৱশালী নেতাসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দলৰ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰমৰ বাবে দলটোৱে জয়ী হোৱা বুলি কয়৷ অনুৰাগ ঠাকুৰ কয় যে আমাৰ দলৰ কৰ্মীসকলৰ কঠোৰ পৰিশ্ৰম অবিহনে ৰাজ্যসমূহত বিজয় সম্ভৱ নহ’লহেঁতেন। বুলডজাৰ মাফিয়া আৰু অপৰাধীসকলক উৎখাত কৰাৰ প্ৰতীক হৈ পৰিছে। আমি উত্তৰ প্ৰদেশত প্ৰধানমন্ত্ৰী মোদীৰ কল্যাণমূলক নীতিসমূহ আৰু ৰূপায়ণ কৰিম৷