আজি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ চিকিৎসা সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰে৷ নামনি অসমত স্বাস্থ্য সেৱা খণ্ডৰ ভেটি অধিক টনকিয়াল কৰি ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আজিৰে পৰা আৰম্ভ কৰে স্বাস্থ্য বিভাগে। সীমামূৰীয়া জিলাখনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত স্থাপন হোৱা ধুবুৰী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়খনৰ বহিঃ ৰোগী সেৱা বিভাগ চমুকৈ অ’পিডি আজি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰি নামনি অসমবাসীক উচৰ্গা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷
স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত সেৱা আনুষ্ঠানিকভাৱে মুকলি কৰি অত্যন্ত গৌৰৱান্বিত আৰু আনন্দিত অনুভৱ কৰিছো বুলি কয়। নতুন চিকিৎসা মহাবিদ্যালয়খনৰ চিকিৎসালয়ত একেলগে এঘাৰটা বিভাগৰ অ’পিডি সেৱা আৰম্ভ কৰা হৈছে। মেডিচিন, ছাৰ্জাৰী, প্ৰসূতি আৰু স্ত্ৰীৰোগ, ইএনটি, শিশুৰোগ, চকু, চৰ্মৰোগ, মনোৰোগ চিকিৎসা, অৰ্থ’পেডিকছ, দন্ত চিকিৎসা আৰু আয়ুষ বিভাগৰ অ’পিডি সেৱা আৰম্ভ হৈছে। চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত বহিঃ সেৱা মুকলিৰ লগে লগে বৰ্তমানৰ ধুবুৰী অসামৰিক চিকিৎসালয়খনকো আজিৰে পৰা এই চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ৰ সৈতে সংলগ্ন কৰি ৰাইজলৈ যৌথ ভাৱে চিকিৎসা সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছে।
ধুবুৰী চিকিৎসা মহাবিদ্যালয়খনত আয়োজিত আজিৰ অ’পিডি সেৱা মুকলি অনুষ্ঠানত ৰাজ্যৰ চিকিৎসা শিক্ষা সঞ্চালক ডা০ অনুপ কুমাৰ বৰ্মন, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ডা০ মনোজ চৌধুৰী, ধুবুৰীৰ উপায়ুক্ত অন্বামুথান এম.পি, আৰক্ষী অধীক্ষক অভিজিত গৌৰৱ দিলীপ, ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা ডা০ অংকুমণি শইকীয়া, চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ অধীক্ষক ডা০ গুণজিৎ দাস, যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডা০ ইমদাদ উল্লাহৰ লগতে চিকিৎসা মহাবিদ্যালয়ৰ বিভাগীয় মূৰব্বী তথা অধ্যাপক-অধ্যাপিকাসকল উপস্থিত থাকে৷
চিকিৎসালয়ৰ বহিঃ সেৱা মুকলিৰ পাছতে চিকিৎসা মহাবিদ্যালয়ৰ সভাকক্ষত চিকিৎসা শিক্ষা সঞ্চালক, অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক, ধুবুৰীৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ উপস্থিতিত মহাবিদ্যালয়খনৰ অধ্যক্ষা, বিভাগীয় মূৰব্বী অধ্যাপক-অধ্যাপিকাসকল, লোকনিৰ্মাণ গৃহ বিভাগৰ কাৰ্যবাহী অভিযন্তা, নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ কাৰ্যবাহীৰ সৈতে এখন বৈঠকত মিলিত হৈ নতুন চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৰাইজলৈ সুচাৰুৰূপে বিশেষজ্ঞ চিকিৎসা সেৱা উপলব্ধ কৰোৱাকে ধৰি ইয়াৰ সুপৰিচালনাৰ দিশসমূহ আৰু চিকিৎসা মহাবিদ্যালয়খনত পাঠ্যক্ৰম আৰম্ভ কৰিব পৰাকৈ এইবাৰ ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ অনুমতি আহৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰিব লগা অৱশিষ্ট অন্তিম প্ৰস্তুতি আৰু চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষা আৰু বিভাগীয় মূৰব্বী সকলৰ লগতে প্ৰতিগৰাকী অধ্যাপক-অধ্যাপিকাৰ দায়িত্ব আদিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়।