নগাঁৱৰ পৰা জয়ন্ত মুদৈঃ নগাঁও জিলা সাহিত্য সভাৰ অন্যতম সক্ৰিয় শাখা ধিং শতদল শাখা সাহিত্য সভাৰ সভাপতি মৃগাংক বৰালৈ ২০২৩ বৰ্ষৰ কপিলী উদ্যমী বঁটা আগবঢ়োৱা হৈছে । আচলতে, জাতীয় জীৱনৰ সাহিত্য-সংস্কৃতিৰ উত্তৰণত আৰু অসম সাহিত্য সভাৰ সাংগঠনিক পৰিসৰত আগবঢ়োৱা প্ৰত্যয়পূৰ্ণ ভূমিকা তথা কৰ্মদক্ষতাৰ বাবেই মৃগাংক বৰাক এই বঁটা আগবঢ়াৱা হৈছে ৷ এই বঁটাটি আগবঢ়াইছে কামপুৰ শাখা সাহিত্য সভাই । জানিব পৰা মতে, নগাঁও জিলা সাহিত্য সভাৰ কামপুৰত অনুষ্ঠিত হৈ যোৱা সপ্তবিংশতিতম্ দ্বিবাৰ্ষিক অধিবেশনত কামপুৰ শাখাই ধিঙৰ বাসিন্দা মৃগাংক বৰাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰে । ছাত্ৰাৱস্থাৰ পৰাই বিভিন্ন আলোচনী, বাতৰি কাকত আদিত নিৰৱচ্ছিন্নভাবে সমাজ জীৱনৰ গুৰুত্বপূৰ্ণ বিষয়ত প্ৰৱন্ধ লেখা-মেলা কৰাৰ বিপৰীতে ২০২০ বৰ্ষত নগাঁও জিলা সাহিত্য সভাৰ শ্ৰেষ্ঠ সংগঠনৰ বঁটা লাভ কৰা মৃগাংক বৰাক কপিলী উদ্যমী বঁটাৰে সন্মানিত কৰাত ধিঙৰ বৌদ্ধিক সমাজৰ লগতে ধিং সাহিত্য সভা, ধিং আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে বৰাক অভিনন্দন জনাইছে । উল্লেখ্য যে, ধিং সাহিত্য সভাৰ সম্পাদক আৰু সভাপতিৰ পদ অলংকৃত কৰা মৃগাংক বৰাৰ সবল নেতৃত্বে ধিং সাহিত্য সভাই ইতিমধ্যে স্বৰ্ণ আৰু শতদল শাখা ৰূপে অসম সাহিত্য সভাৰ স্বীকৃতি লাভ কৰিছে । ইফালে, বৰাই বঁটা লাভ কৰি তেওঁৰ বাবে ই এক জীৱনৰ অন্যতম প্ৰাপ্তি বুলি উল্লেখ কৰি অনাগত দিনত জাতীয় অনুষ্ঠানটোৰ প্ৰতি নিজকে নিয়োজিত কৰি সেৱা আগবঢ়াই যাব বুলি মত ব্যক্ত কৰাৰ লগতে কামপুৰ শাখা সাহিত্য সভাৰ পৰিয়ালবৰ্গক তেওঁক এই বঁটাৰে সন্মানিত কৰাত শ্ৰদ্ধাভৰা কৃতজ্ঞতা জনাইছে৷